মৰিগাঁৱত এগৰাকী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে বিহুৰ বাবে বিতৰণ কৰিলে খাদ্য সম্ভাৰ

মৰিগাঁৱত এগৰাকী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে বিহুৰ বাবে বিতৰণ কৰিলে খাদ্য সম্ভাৰ 
News Nation Digital 24X7



মৰিগাঁৱত এগৰাকী মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ প্ৰশংসনীয় পদক্ষেপ । সাচতীয়া ধনৰে  মৰিগাঁৱৰ এজাৰবাৰী,পদুম পুখুৰী গাঁৱৰ  পঞ্চাশ টাকৈ  পৰিয়ালৰ মাজত বিহুৰ বাবে বিতৰণ কৰিলে খাদ্য সম্ভাৰ । 
   উল্লেখযোগ্য যে  ৰাজ্যৰ শিক্ষা বিভাগে ৰাজ্যৰ বিদ্যালয় সমূহৰ পৰা মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকাসকলক আঁতৰ কৰিবলৈ নানা অভিসন্ধি ৰচনা কৰা সময়তে মৰিগাঁৱৰ এগৰাকী ব্যতিক্ৰমী ৰান্ধনীয়ে  লকডাউনৰ  সময়ত লৈছে উল্লেখনীয় ভূমিকা । লগত গাঁও বুঢ়া আৰু  স্বামীক লৈ আৰ্তজনৰ চোতালত এমুঠি খাদ্য সম্ভাৰ লৈ ঘৰে ঘৰে প্ৰবেশ কৰিছে।
       মৰিগাঁৱৰ এজাৰবাৰী প্ৰাথমিক বিদ্যালয়ত সেৱা আগবঢ়ায় থকা এইগৰাকী অন্যন্য ৰান্ধনীৰ নাম বৈজয়ন্তী ডেকা । লক ডাউনৰ বাবে গাঁও খনৰ শ্ৰমজীৱি পৰিয়ালৰ মাজত দেখা দিছে অভাৱ অনাটন। সেয়েহে সহ্য  হোৱা নাই  ৰান্ধনী  বৈজয়ন্তীৰ। তাতে বিহুৰ বতৰ। পৰিপ্ৰেক্ষিতত এনেদৰেই ৰাজ্যৰ কৰ্মচাৰী সকলে চাৰি পাঁচ টা পৰিয়ালক সাহাৰ্য্য দিয়াৰ পৰিবৰ্তে বৈজয়ন্তী ডেকাই গাঠিৰ ধন ভাগি পঞ্চাশ টাকৈ পৰিয়ালক খাদ্য যোগান ধৰি দাঙি ধৰিছে মানবীয়তা।


Post a Comment

Previous Post Next Post