মৰিগাঁৱৰ এহাল দম্পতিৰ বিহুৰ উপলক্ষে সহায়ৰ হাত।অসম চৰকাৰৰ বলিষ্ঠ তথা সক্ৰিয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান ৰক্ষা দম্পত্তিহালৰ

মৰিগাঁৱৰ এহাল দম্পতিৰ বিহুৰ উপলক্ষে সহায়ৰ হাত।অসম চৰকাৰৰ বলিষ্ঠ তথা সক্ৰিয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান ৰক্ষা দম্পত্তিহালৰ
News Nation Digital 24X7



    বিশ্ব এতিয়া সংকটত। সমগ্ৰ বিশ্বৰ লগতে ভাৰতো ইয়াৰ ভুক্তভোগী। এই সংকটৰ সময়ত দুখীয়া ৰাইজে যাতে পেটে ককালে গামোচা বান্ধিব লগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ বলিষ্ঠ তথা সক্ৰিয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী কৰ্মচাৰী তথা সকলো ৰাইজকে সামৰ্থ অনুযায়ী দুখীয়া ৰাইজক সহায় কৰিবলৈ আহ্বান। আৰু তাকেই যেন ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে মৰিগাঁৱৰ এহাল দম্পতি।
     হয় এঁওলোক মৰিগাঁৱৰ ভবেন্দ্ৰ কুমাৰ ডেকা আৰু মল্লিকা দাস ডেকা। তেঁওলোক ক্ৰমে অসম চৰকাৰৰ হস্ততাঁত উদ্যোগ আৰু ন্যায়িক আদালতত কৰ্মৰত।আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান ৰক্ষা কৰি দুখৰ মাজতো যাতে অসমীয়াই নিজৰ জাতিৰ অস্তিত্ব, জাতিৰ স্বাভিমান, বহাগ বিহু মনত কোনো দুখ নৰখাকৈয়ে  উদযাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেঁওলোক দুয়ো চৰকাৰী কৰ্মচাৰীয়ে নিজৰ বেতনৰ কিঞ্চিত সহায় কৰিবলৈ আগুৱাই আহিছে। মৰিগাঁও চহৰৰ ২নং ওৱাৰ্ডৰ পচতীয়াত আজি দুই দম্পত্তিয়ে সাহায্য বিতৰণ কৰাৰ লগতে সাহায্য বিতৰণৰ পূৰ্বে ৰাইজক কৰ'ণাৰ ভয়াৱতাৰ বিষয়ে অৱগত কৰাৰ লগতে তেঁওলোকক সুন্দৰকৈ নিজৰ হাত ধোৱাই চেনিটাইজো কৰায়। মৰিগাঁও চহৰৰ ২নং ৱাৰ্ডৰ পচতীয়াত প্ৰায় ২০ টা পৰিয়াললৈ আগবঢ়োৱা এই সাহায্য তথা সহায় সঁচাই  প্ৰশংসাৰ যোগ্য। সদৌ শেষত সকলো সামৰ্থবান ৰাইজলৈ আমাৰ ফালৰ পৰাও আহ্বান যদি পাৰে দুখীয়া ৰাইজক আপোনাৰ সামৰ্থ অনুযায়ী সহায়ৰ হাত আগবঢ়াওক।

Post a Comment

Previous Post Next Post