মুম্বাইত কেমিকেল ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ, দুজনৰ শ্ৰমিকৰ মৃত্যু
মুম্বাইৰ সমীপৱৰ্তী পালঘৰ জিলাৰ তাৰাপুৰ এম আই ডি চি অঞ্চলত এটা কেমিকেল ফেক্টৰীত সোমবাৰে দুপৰীয়া ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণৰ ফলত দুজন শ্ৰমিকৰ মৃত্যু হয়। বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ৫ কিলোমিটাৰ নিলগৰ পৰা শুনা গৈছিল ইয়াৰ শব্দ। ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। ভিতৰত আৰু কিমানজন শ্ৰমিক আবদ্ধ হৈ আছে সেয়া জানিব পৰা হোৱা নাই। দেশত লকডাউনৰ বাবে সকলো ফেক্টৰী বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু বন্ধৰ সময়ত কিদৰে বিস্ফোৰণ ঘটিল তদন্ত কৰিছে আৰক্ষীয়ে।