স্বামীৰ লগত কাজিয়া লাগি নিজৰ ৫ সন্তানক গংগাত দলিয়ালে মাতৃয়ে
স্বামীৰ লগত কাজিয়া কৰি নিজৰ ৫ সন্তানক গংগাত দলিয়ালে মাতৃয়ে ৷ ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত৷ ঘৰুৱা সংঘাতৰ ফলতেই সংঘতিত হয় ঘটনাটো ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ এই পৰ্যন্ত সন্তান কেইটা উদ্ধাৰ কৰিব পৰা হোৱা নাই৷
প্ৰথম অৱস্থাত লকডাউনৰ বাবে খাদ্যৰ অভাৱত ঘটনাটো হোৱা বুলি সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছিল যদিও পিছত মাতৃক কৰায়ত্ত কৰাৰ পিছত আছল কাৰণটো ওলাই পৰে৷