লক ডাউনৰ ফলত বহি: ৰাজ্যত আৱদ্ধ অসমৰ যুৱক, আতংকিত হৈ চৰকাৰৰ সহায় বিছাৰি কাতৰ আহ্বান

লক ডাউনৰ ফলত বহি: ৰাজ্যত আৱদ্ধ অসমৰ  যুৱক, আতংকিত হৈ চৰকাৰৰ সহায় বিছাৰি কাতৰ আহ্বান
News Nation Digital 24X7
TEOK:সমগ্ৰ ভাৰততে লক ডাউন ঘোষণা কৰা লগে লগে যি য'ত আছিল আজি প্ৰায় এমাহৰো অধিক সময় তাতে আৱদ্ধ থাকিবলগীয়া হৈছে।অৱশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে আন্ত: জিলা পৰিবহণৰ লগতে অসমৰ বাহিৰত থকা ছাত্ৰ ছাত্ৰীসকলক স্ব-গৃহলৈ অনাৰো ব্যৱস্থা গ্ৰহণ কৰিছে।কিন্তু এতিয়াও বহি: ৰাজ্যত আৱদ্ধ বহু অসমৰ যুৱক-যুৱতী। সুদুৰ পশ্চিম বংগৰ ২৪ দক্ষিণ পাৰগঞ্জ জিলাৰ ১৪৬ নৱদিগন্ত মুকুন্দপুৰত প্ৰথম পৰ্য্যায়ৰ লক ডাউনৰ পৰা একেটা কোঠাতে অসমৰ যোৰহাট,শিৱসাগৰ,গোলাঘাট,বৰপেটা,তিনিচুকীয়া জিলাৰ লগতে নগালেণ্ড আৰু অৰুনাচলৰ কৰ্মসুত্ৰে কলকতাত থকা প্ৰায় কুৰিৰ অধিক যুৱক আৱদ্ধ হৈ আছে।জানিব পৰা মতে তেওঁলোকে ইতিমধ্যে নিজ নিজ ঘৰলৈ আহিবলৈ বিমানৰ টিকটৰ বাবে সাচতীয়া ধন আগধন দিব লগা হোৱাত এতিয়া খাদ্য অভাৱত পৰিছে যুৱককেইজন।তদুপৰি দিনক দিনে ক'ৰোণা যি হাৰত বৃদ্ধি পাইছে তাক লৈ এতিয়া সংকিত হৈ পৰিছে তেওঁলোক,একেটা কোঠাতে থাকিবলগীয়া হোৱাত চৰকাৰী নিৰ্দেশনাও মানিব পৰা নাই।উল্লেখযোগ্য যে তেওঁলোকৰ এই সমস্যাবোৰ অসম চৰকাৰৰ আহ্বান মৰ্মে চৰকাৰক অৱগত কৰাৰ উদ্দেশ্যে কলকতাৰ অসম ভৱনত আজিৰ পৰা কিছুদিন পূৰ্বে আবেদনো কৰিছিল কিন্তু এই পৰ্যন্ত কোনো সুদুত্তৰ নাপালে দুৰ্ভগীয়া যুৱকসকলে।সেয়ে এতিয়া অসম চৰকাৰৰ সহায় বিচাৰিছে।



Post a Comment

Previous Post Next Post