বঙাইগাঁও জিলাৰ সাঁকোমুৰা ঘৰশিয়া সত্ৰত নিশা চোৰৰ তাণ্ডব, সত্ৰৰ লগতে লুটিলে বিদ্যালয়ৰ কম্পিউটাৰ তথা দোকান
বঙাইগাঁও জিলাৰ সাঁকোমুৰা ঘৰশিয়া সত্ৰত নিশা চোৰৰ তাণ্ডব জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সত্ৰত নিশা চোৰে চলালে তাণ্ডব৷ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি দানপাত্ৰ ভাঙি ধন লুটি লৈ যায়৷ গুৰুআসন খনও লণ্ডভণ্ড কৰে । এতিয়ালৈকে সম্পূৰ্ণ ক্ষয় ক্ষতি জানিব পৰা হোৱা নাই । আৰক্ষীক জনোৱা হৈছে যদিও আৰক্ষী উপস্থিত হোৱা নাই । ভকতে পিছত সত্ৰখন শুদ্ধিকৰণ কৰিব বুলি জনাইছে।
অভয়াপুৰী বিষ্ণুপুৰৰ ঘৰচীয়া সত্ৰৰ লগতে বিদ্যালয় তথা দোকানত চুৰীকাণ্ড ৷ বৃহস্পতিবাৰে নিশা অভয়াপুৰীৰ বিষ্ণুপুৰৰ বিভিন্ন অঞ্চলত চোৰে কেইবাটাও ঠাইত চলালে চুৰিকাণ্ড ৷ ঘৰচীয়া সত্ৰৰ তলা ভিঙি দানপাত্ৰৰ লগতে বহু মুল্যবান সামগ্ৰী চোৰ কৰে ৷ সত্ৰৰ লগতে এখন দোকান আৰু দীনবন্ধু উচ্চ বিদ্যালয়ৰ কম্পিউটাৰ কক্ষত তলা ভাঙি কম্পিউটাৰৰ বহু সামগ্ৰী লৈ যায় ৷ উল্লেখ্য যে ঘৰচীয়া সত্ৰত বিগত ছমাহ পূৰ্বেও চোৰে লুটি নিছিলে সত্ৰ বহু মুল্যবান সামগ্ৰী ৷