মৰিগাঁৱৰ মিকিৰগাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডত সাহায্যৰ নামত দুৰ্নীতি
< মৰিগাঁও জিলাৰ মিকিৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং ৱাৰ্ডৰ বৰবিলা অঞ্চলত সাহায্য বিতৰণৰ বাবে আহিছিল গাঁও পঞ্চায়ত কৰ্মচাৰী আৰু ৱাৰ্ডটোৰ সদস্য। কিন্তু সাহায্যৰ বিতৰণৰ নামত চলালে লুণ্ঠন। ৰেচন কাৰ্ড নথকা তথা দুখীয়া লোক সকলৰ বাবে চৰকাৰে প্ৰদান কৰিছিল ১০০০কৈ টকা। কিন্তু সাহায্য বিতৰণত দুখীয়া লোকে স্থান পোৱাৰ পৰিবৰ্ত্তে এজন অথনৈতিক ভাবে যথেষ্ঠ সবল নিপুন ফাংচু নামৰ সমবায় দোকানীক গৰাকীক এই সাহায্য দিয়া বাবে ৰাইজ জাগি উঠে।
জানিবঁ পৰা মতে সমবায় দোকানি নিপুন ফাংচু পিতৃ চৰকাৰি পেঞ্চনা হোৱা উপৰি পত্নীও এগৰাকী চৰকাৰি কৰ্মচাৰী হয় বুলিও গাঁও খনৰ ৰাইজে জনায়।এতিয়া কথা হল দুখীয়া লোকৰ বাবে অহা সাহায্য আৰ্থিক ভাবে সবল ব্যক্তিক দিয়া আৰু দুখীয়া ব্যক্তিজনক ১০০০ টকা দিয়াৰ পৰিবৰ্ত্তে প্ৰদান কৰিছে ৫০০ টকা। যাৰ ফলত আজি প্ৰথম বহাগৰ দিনাই গাঁও খনৰ ৰাইজে গাঁওত সভা পাতি এই সন্দৰ্ভত সদস্য গৰাকীৰ পৰা জানিবঁ বিছৰে লগতে চৰকা তথা বিভাগীয় কতৃপক্ষক বিহিত ব্যবস্হা লবলৈ অনুৰুধ জনায়।
এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কতৃপক্ষই কি ব্যবস্হা লয় পৰবৰ্ত্তী প্ৰতিবেদনত প্ৰকাশ কৰিম৷
এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কতৃপক্ষই কি ব্যবস্হা লয় পৰবৰ্ত্তী প্ৰতিবেদনত প্ৰকাশ কৰিম৷