দুচকুত অলেখ সপোন লৈ এছালীয়া গোহালী সদৃশ ঘৰত সপোন ৰচিছে ছয় বছৰীয়া চয়নিকা সুত্ৰধৰে
এইখন অসমৰে দৃশ্য এয়া৷
যি দৃশ্য দেখিলে আপোনাৰো দুচকু উচলি উঠিব৷
এই দৃশ্য বঙাইগাঁও জিলাৰ বইটামাৰীৰ নানকাৰগাঁওৰ৷দুচকুত অলেখ সপোন লৈ এছালীয়া গোহালী সদৃশ ঘৰত সপোন ৰচিচে চয়নিকা সুত্ৰধৰে৷বয়স তাইৰ মাথো ছয় বছৰ৷
নবছৰীয়া ভায়েকো তলকিব পৰা নাই এই জুপুৰীৰ পৰা কেনেকে নিজক মানুহ হিচাবে গঢ় দিম৷
ঘৰখনৰ মূল মানুহ ধীৰেণ সুত্ৰধৰৰ কাম বুলিবলে একো নাই লকডাউনৰ সময়ত৷মাকো যাব পৰা নাই কতো হাজিৰা কৰিবলৈ৷ছাল বুলিবলে ঘৰটোত আছে মাথো পলিথিনৰ সৰু এখন ছাল কিন্তু নাই কোনো বেৰ৷তামোলৰ ঢকুৱা আৰু যিকণ কাপোৰ আছে তাৰেই আৰ দি চলিছে এওলোক৷
ৰান্ধনি ঘৰ শোৱা ঘৰ এটাই। শুবলে নাই কোনো বিচনা। বস্তা পাৰি তাতেই ৰাত্ৰিটো অতিবাহিত কৰে চাৰিজনীয়া পৰিয়ালটি৷পৰ্দাৰ নামতো এখন পুৰণী চাদৰ৷নিজৰ মাটি বুলিবলৈও নাই এডখৰো মাটি৷
বেলেগৰ মাটিতে কেইবছৰমানৰ পৰা ইফালৰ পৰা সিফালকৈ বসবাস কৰি আছে এওঁলোক৷
কত জনপ্ৰতিনিধি, কত চৰকাৰী আঁচনি ?
পৰিবনে সুদৃষ্টি এওঁলোকৰ প্ৰতি চৰকাৰৰ?