দলগাঁ‌ৱত প্ৰেমৰ বাবে দশম শ্ৰেনী ছাত্ৰীৰ চিপলৈ আত্মহত্যা

দলগাঁ‌ৱত প্ৰেমৰ বাবে দশম শ্ৰেনী ছাত্ৰীৰ চিপলৈ আত্মহত্যা
News Nation Digital 24X7

#দৰঙৰ দলগাঁ‌ৱত হৃদয়বিদাৰক ঘটনা।
##দশম শ্ৰেনী ছাত্ৰীৰ চিপলৈ আত্মহত্যা।
##প্ৰেমেই যেন কাল হল এগৰাকী ছাত্ৰীৰ।
##আজি দৰং জিলাৰ গদাইঝাৰ গাওঁত  সংগঠিত হ'ল এই ঘটনা।

Lock down ৰ সময়তে এক লোমহৰ্ষক ঘটনা সংঘটিত হল দৰঙৰ দলগাওঁত। দলগাওঁৰ গদাইঝাৰ গাওঁৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি। জানিব পৰা মতে একে গাৱৰ আব্দুল ৰহিম ওৰফে বাদশাহ ৰ পুত্ৰ ছফিকুল ইছলামৰ সৈতে বিগত ছমাহ ধৰি আছিল প্ৰেমৰ সম্পৰ্ক ।কিন্তু আজি পুৱাই প্ৰতাৰক ছফিকুলে প্ৰেমিকা মাহমুদা বেগমক বিয়া নকৰো বুলি কোৱাতেই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ললে প্ৰেমিকা জনীয়ে।লিখা পঢ়া কৰিও এনেকুৱা কাণ্ড কৰাত হতবম্ভ হৈ পৰিছে গাৱৰ ৰাইজ। ওৰনিৰে চিপ লৈ চিলিং ফেন সৈতে কৰিলে এই আত্মহত্যা। ঘটনাটোৰ পিছত ওচৰ চুবৰিয়াই খবৰ পাই যদিও বৰ্তমান দেশৰ ভয়াবহ পৰিস্থিতিৰ প্ৰ্তি লক্ষ্য ৰাখি ঘটনাস্থ্লিত ওচৰ চুবৰিয়াৰ ইমান ভিৰ কৰা পৰিলক্ষিত হোৱা নাই। ছোৱালীৰ আত্মীয়ই ঘটনাটোৰ ওচিত তদন্ত কৰি ঘটানাটোৰ আৰত থকা দোষিক শাস্তি প্ৰদান কৰিব লাগে বুলি দাবি জনালে।আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰুণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে।


Post a Comment

Previous Post Next Post