অনুসূচিত জাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষৰৰ সমাজ সেৱা
মৰিগাঁও আৰু কামৰূপ মেট্ৰ জিলাৰ সীমান্তৱৰ্তী চন্দ্ৰ পুৰৰ পশ্চিম মায়ঙত শতাধিক পৰিয়াল মাজত অনুসূচিত জাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ স্বপন কুমাৰ মণ্ডল আৰু আন এগৰাকী গুৱাহাটীৰ সমাজসেৱী বাবলু ডেকাৰ বিতৰণ খাদ্য -সম্ভাৰ । জাগীৰোড বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা দহ নং নগাঁও লোকসভা সমষ্টিৰ পশ্চিম মায়ঙৰ লোকসকল লক ডাউনৰ পৰিপ্ৰেক্ষিতত ভীষণ অভাৱ-অনাটনত পৰি থকা প্ৰত্যক্ষ কৰি প্ৰাক্তন মায়ং জিলা পৰিষদৰ সদস্য, অসম অনুসূচী জাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ তথা সমাজ সেৱক স্বপন কুমাৰ মণ্ডলৰ নেতৃত্বত শতাধিক পৰিয়ালক বিতৰণ কৰে সাহাৰ্য্য । এই সাহাৰ্য্য বিতৰণ কাৰ্যসূচীত গুৱাহাটীৰ ব্যৱসায়ী বাবলু ডেকাৰ লগতে পশ্চিম মায়ঙৰ গাঁও পঞ্চায়ত সভাপতিৰ প্ৰমুখ্যে কেইবাজনো স্হানীয় লোকে অংশ লৈ সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সকলোকে আহবান জনাই । দিছপুৰৰ দাঁতি কাষৰীয়া গ্ৰাম্যাঞ্চল লোক সকল বিধান সভা সমষ্টি আৰু দুখন জিলাৰ সীমান্তৱৰ্তী হোৱাৰ বাবে উপেক্ষিত হৈ আছিল সাহাৰ্য্য লাভৰ পৰা। দল সংগঠন,কিম্বা বেচৰকাৰী সংস্থা সমূহৰো চকুত পৰা নাছিল । ফলস্বৰূপে ভিতৰুৱা অঞ্চলটোত এনেদৰেই গুৱাহাটীৰ পৰা আহি এমুঠি খাদ্য যোগান ধৰাত স্হানীয় সচেতন ৰাইজৰ প্ৰশংসা ।