কাৰ্বিআংলংৰ নিজ গৃহলৈ খোজকাঢ়ি আহি থকা শ্ৰমিকক টীয়কত ৰাইজে গতালে আৰক্ষীক
TEOK==ল'কডাউনত খাদ্য সংকটত পৰা শিৱসাগৰ জিলাৰ বিহুবৰৰ এটা শিলৰ কোৱাৰীত কৰ্মৰত শ্ৰমিক কাৰ্বিআংলং জিলাৰ নিজৰ ঘৰলৈ খোজকাঢ়ি আহি থকা অৱস্থাত টীয়কৰ জগদুৱাৰত একাংশ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক চমজাই দিয়ে । দুটা দিনত পানী আৰু ভিমকল খাই যাত্ৰা কৰিছিল বহু দূৰ।
টীয়কত ৰাইজে যোগান ধৰিলে খাদ্য ৷ লক ডাউনৰ মাজতে বহি ৰাজ্য নাগালেণ্ডৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা নিয়োজিত হৈ থকা কৰ্মস্থলী এৰি খোজেৰে গৃহমুখী হোৱা ঘটনাই শংকিত কৰিছে সাধাৰণ ৰাইজক ।আন্ত:ৰাজ্যিক যাতায়ত সম্পূৰ্ণ ভাৱে বন্ধ থকা,আন্ত: জিলা যাতায়তৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা থকা স্বত্বেও যোৱা তিনিটা দিনত শ শ শ্ৰমিক কেনদৰে অবাধে আহযাহ কৰিবলৈ সক্ষম হৈছে সেয়া ৰহস্যৰ বিষয় ।এই ক্ষেত্ৰত শিৱসাগৰ জিলাৰ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷