দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ দৰং কংগ্ৰেছৰ
দৰং জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰীয়ে দুখন সমষ্টিত বিতৰণ কৰে খাদ্য সামগ্ৰী ।
মঙলদৈ আৰু কলাইগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ কৰিলে ওৱাহিদা আহমেদে।
দীৰ্ঘদিনীয়া Lockdown ৰ ফলত দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ।এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে আনফালে Covid19 নীতি নিয়ম মানি ঘৰতে থাকিবলগীয়া হৈছে। কৰিব পৰা নাই কোনো ধৰণৰ কাম বন। অচল হৈ পৰিছে জন জীৱন।খাদ্য সংকটত ভুগিবলগীয়া হৈছে একাংশ পৰিয়ালৰ। সেই সময়চোৱাত আৰ্তজনৰ ওচৰত খাদ্য সামগ্ৰী লৈ থিয় দিলে দৰঙ জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ওৱাহিদা আহমেদে। সভানেত্রী গৰাকীয়ে মঙলদৈ আৰু কলাইগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত বিতৰণ কৰিলে সামগ্ৰী। মঙলদৈ সমষ্টিৰ মঙলদৈ টাউন,ধূলা,খাটনিয়াপাৰা আদিৰ পৰা আৰম্ভ কৰি কলাইগাঁও সমষ্টিৰ লখিমপুৰ গাঁও পঞ্চায়ত,টেঙাবাৰী গাওঁ পঞ্চায়ত,বুলিপোতা,বিষ্ণুপুৰ,ৰাজপুখুৰী,বৰবাগান,পানবাৰী,সমটিলা,
ভোৰাগড় কে আদি কৰি বিভিন্ন অঞ্চলত সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে। হিন্দু-মুছলমান উভয়ে দৰিদ্ৰ লোকসকলে সামাজিক দূৰত্ব বজাই ৰাখি গ্ৰহণ কৰিলে সামগ্ৰী সমূহ। সামগ্ৰী সমূহ গ্ৰহণ কৰি কৃতজ্ঞতা জনালে ওৱাহিদা আহমেদলৈ।।