টীয়কত বিধ্বংসী অগ্নিকাণ্ড
TEOK:লক ডাউনৰ মাজতে টীয়কৰ মুদৈজান ঢেকীয়ানী ভৰলুৱা গাঁৱ অঘটন।নন্দেশ্বৰ শইকীয়া নামৰ এজন বৃদ্ধৰ বাসগৃহ তেওঁৰ পুত্ৰ বধুৱে জ্বলাই দিয়াৰ অভিযোগ।অভিযোগ মতে কোনো ঘৰুৱা কণ্ডলৰ সুত্ৰপাত হৈয়ে বোৱাৰীয়েকে খঙত উত্তেজিত হৈ একেখন চোতালতে পৃথক থকা ভড়াল সংলগ্ন বাসগৃহটো জ্বলাই দিয়ে।অৱশ্যে
ঘটনাস্থলীত উপস্থিত আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নোমোৱাবলৈ চেষ্টা চলাই যদিও ভড়ালৰ ধানকে ধৰি ঘৰুৱা সকলো আচবাক জুইত জাহ যায়।সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি টীয়ক আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।