কৃষিমন্ত্ৰীৰ ভাষ্যৰ বিপৰীত দৃশ্য বঙাইগাঁও জিলাৰ অভয়াপুৰীত
কৃষিমন্ত্ৰীৰ ভাষ্যৰ বিপৰীত দৃশ্য বঙাইগাঁও জিলাৰ অভয়াপুৰীত৷ পথাৰতে নষ্ট হৈছে জলকীয়াৰ খেতি। বিক্ৰীৰ অভাৱত কৃষকে উভালি পেলাইছে জলকীয়া গছ। শতাধিক কৃষকৰ হাঁহাকাৰ।
ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ ভাষ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ জলকীয়া খেতিয়কৰ। বুধবাৰে কৃষিমন্ত্ৰী অতুল বৰাই বঙাইগাঁওত সংবাদমেল যোগে ঘোষনা কৰিছিল বঙাইগাঁও জিলাৰ কৃষকে তৰমুজ আৰু জলকীয়া বিক্ৰী কৰি লাভ কৰিছে প্ৰায় এক কৌটি টকা । মন্ত্ৰীগৰাকীৰ উক্ত মন্তৱ্যৰ বিপৰীত দৃশ্য দেখা গ'ল অভয়াপুৰীৰ ডুমেৰগুৰী পঞ্চায়তৰ অন্তৰ্গত সন্তোষপুৰত। সন্তোষপুৰৰ শ শ বিঘা কৃষিভুমিত একাংশ কৃষকে কৰিছিল তেজস্বীনী প্ৰজাতিৰ উন্নত জলকীয়াৰ খেতি। প্ৰায় এমাহযুৰি চলি থকা লকডাউনৰ সময়ছোৱাত বজাৰৰ অভাৱত সম্প্ৰতি পথাৰতে নষ্ট হ'বলৈ ধৰিছে হেজাৰ হেজাৰ জলকীয়া গছ। লমালমে ফল দিয়া গছসমুহ এতিয়া উভালি পেলাই দিব লগীয়া হৈছে কৃষকে। কিয়নো উক্ত কৃষকসকলৰ অধিকাংশই উৎপাদিত জলকীয়া বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছিল পশ্চিম বংগলৈ। এতিয়া লকডাউনৰ বাবে বন্ধ হৈ পৰিছে জলকীয়াৰ বিক্ৰী। যাৰ পৰিণতিত বন্ধন, সৰলা ইত্যাদি বিত্তীয় প্ৰতিস্থানৰ পৰা লক্ষাধিক টকাৰ ঋণ লৈ এতিয়া সংকটত পৰিছে এইসকল কৃষকে।
তাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে কৰা মন্তৱ্যৰ তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰে পঞ্চায়ত সভাপতি শংকৰ সৰকাৰে।