কিয় ব্যৱহাৰ নকৰে অসমে চীনৰ পৰা অনা পি পি ই কীট?

কিয় ব্যৱহাৰ নকৰে অসমে চীনৰ পৰা অনা পি পি ই কীট?

সম্প্ৰীতি কোৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি অসমে চীনৰ পৰা আনিছল 50 হাজাৰ পি পি ই কিট৷  কিন্তু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনায় যে বৰ্তমান এই কিটসমূহ ব্যৱহাৰ নকৰে অসম চৰকাৰে৷ বৰ্তমান অসম চৰকাৰৰ হাতত প্ৰায় ডেৰ লাখ নিজা পি পি ই  কিট মজুত আছে৷ গতিকে সেইখিনিৰে বৰ্তমান কাম চলি যাৱ৷ যদি দৰকাৰ হয় তেতিয়া পৰীক্ষা কৰিহে এই কিট সমূহ ব্যৱহাৰ কৰা হব৷
উল্লেখযোগ্য ভাৰতে চীনৰ পৰা অনা কিটসমূহৰ ভিতৰত 50 হাজাৰ কিট ইতিমধ্যে চেফটি টেষ্টত ফেল কৰিছে৷ 

Post a Comment

Previous Post Next Post