দিল্লীত শিথিল নহয় লকডাউন, কি কাৰণ ? মুখ্যমন্ত্ৰীৰ সংবাদমেল
21 এপ্ৰিলৰ পিছতো লকডাউনৰ কোনোধৰণৰ শিথিলতা নহয় দিল্লীত আৰু কোনোধৰণৰ কাৰ্যালয়ত কাম 21 এপ্ৰিলৰ পৰা আৰম্ভ কৰা নহব। দেওবাৰে এক সংবাদংমেল সম্বোধন কৰি এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। তেখেতে আৰু কয় যে এই বিষয়ত অহা 27 এপ্ৰিলত এক পৰ্যালোচনা বৈঠক আয়োজন কৰা হৈছে আৰু তাৰ পিছতহে সিদ্ধান্ত গ্ৰহন কৰা হব যে কি কৰা হব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে কয় যে বৰ্তমান দিল্লীৰ 11 খন জিলাই এতিয়াও HOTSPOT হৈ আছে । কোৰোনাক প্ৰতিৰোধৰ কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে প্ৰদান কৰে কেজৰিৱালে। উল্লেখ্যযোগ্য যে, দিল্লীত বৰ্তমানলৈকে 1893 গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত, ইয়াৰে 1643 জন এতিয়াও সক্ৰিয় আৰু 43 জনৰ মৃত্যু হৈছে আৰু 207 জনে আৰোগ্য লাভ কৰিছে৷