গোৱালপাৰা অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ , ৫৬ টা পৰিয়ালক বিতৰণ কৰিলে খাদ্য সামগ্ৰী ।
আজি ১৪ এপ্ৰিল অগ্নিনিৰ্বাপক সেৱা দিৱসৰ লগত সংহতি ৰাখি গোৱালপাৰা অগ্নিনিৰ্বাপক বাহিনীয়ে ৫৬ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে৷
উল্লেখযোগ্য যে সমগ্ৰ দেশৰ লগতে অসমতো যোৱা ২৪ মাৰ্চৰ মাজনিশাৰ পৰা অব্যাহত আছে লকডাউন। এই সময়ছোৱাত ভিন্ন প্ৰান্তত একাংশলোকে খাদ্য সংকটত ভুগিবলৈ বাধ্য হৈ পৰিছে। অনুৰূপ দৃশ্য দেখা গৈছে গোৱালপাৰাতো। শতাধিক পৰিয়ালে এইকেইদিন খাদ্যৰ অভাৱত যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগীয়াত পৰিছে।
সেয়ে, গোৱালপাৰা অগ্নিনিৰ্বাপক আৰু আপাত কালীন সেৱা আস্থানৰ সমীপত থকা দোচৰা পাৰা গাঁৱৰ ৫৬ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী সমুহ বিতৰণ কৰে , অগ্নিনিৰ্বাপক বাহিনীৰ এনে পদক্ষেপক গাওঁবুঢ়াকে আদি কৰি নেতৃত্বস্থানীয় লোকে প্ৰভূয়সী প্ৰশংসা কৰে।