মৰিগাঁৱত ইউ বি আই CSP কৰ্মী অতপালি। সাঁচতীয়া ধন মুকলাই নিব অহা ব্যক্তিক অভব্য আচৰণ। উলিয়াই দিলে CSP কেন্দ্ৰৰ পৰা।

মৰিগাঁৱত ইউ বি আই CSP কৰ্মী অতপালি। সাঁচতীয়া ধন মুকলাই নিব অহা ব্যক্তিক অভব্য আচৰণ। উলিয়াই দিলে CSP কেন্দ্ৰৰ পৰা।


এজন CSP কৰ্মী , নাম নৰেন মেধি ।মৰিগাঁও  ছাটনগুৰিত । প্ৰেছাত এজন UBI বেংকৰ CSP এজেণ্ট ।দেখাত শান্ত শিষ্ট যেন লগা ? পিছে এই নৰেনৰ কামৰ কথা শুনিলে আপোনাৰো চকু কপালত উঠিব। তেওঁ বিৰুদ্ধে আছে অনেক অভিযোগ।পিছে এই অভিযোগ আমি অনা নাই ।এই অভিযোগ তেঁৱৰ  CSP ত  গ্ৰাহক সকলৰহে ।

         চি এছ পি  নৰেণৰ কু-কাৰ্য্য ইমানতেই শেষ হোৱা নাই আৰু আছে বহু অভিযোগ । এটিএমৰ নামত দুশ তিনিশ,প্ৰথমে টকা উঠোৱা ফৰ্মত চহী। চহি হোৱা পিছত ঘৰৰ পৰা ধমকি দি খেদি পঠিয়াই গ্ৰাহকক । আপুনি হয়টো এই শান্ত শিষ্ট নৰেনৰ এই কাৰ্য্য বিশ্বাস কৰিব পৰা নাই ।


    কৰ'ণা মহামাৰী সময়ত দেশৰ লগতে বিশ্ব বহু লোক আৰ্থিক সংকটত পৰিছে তেনে সময়তে এই  নৰেনৰ লেখীয়া csp য়ে দৰিদ্ৰ লোকৰ সাঁচতীয়া ধন লুণ্ঠন কৰাৰ চলিছে অঘোষিত প্ৰতিযোগিতা । এতিয়া প্ৰশ্ন হৈছে ভূক্তভোগীৰ এই এজাহাৰক কিমান গুৰুত্ব দিব আৰক্ষী প্ৰশাসনে? এনে চি এছ পি সকলৰ বিৰুদ্ধে  সংশ্লিষ্ট  বেংক কৰ্তৃপক্ষই  ব্যবস্হা ল'বনে ?

Post a Comment

Previous Post Next Post