কলিয়াবৰৰ ফৰেষ্ট কলনিত ঢেঁকীয়াপতীয়া বাঘৰ আতংক

 কলিয়াবৰৰ ফৰেষ্ট কলনিত ঢেঁকীয়াপতীয়া বাঘৰ আতংক
দেউবাৰে নিশা বাগৰিৰ ফৰেষ্ট কলনিত ঢেকীয়াপতীয়া বাঘে ছাগলী নিধন কৰি আতংকৰ সৃষ্টি কৰাৰ পাছত সোমবাৰে পুৱতি নিশা পুনৰ কাৰ্বি পাহাৰৰ নামনিৰ ১ নং বাগৰিত গোহালিতে নিধন কৰে চাৰিটা গৰু ৷মানুহৰ বাবেও জীৱনৰ সংশয়ৰ সৃষ্টি কৰি বাঘে এফালৰ পৰা পশু ধন নিধন কৰি যোৱাত ভয়ত কম্পমান হৈ পৰিছে স্থানীয় লোক সকল ৷আনহাতে বাঘে পশুধন নিধন কৰি যোৱাত আৰ্জনৰ পথ হেৰাই যোৱাত ম্ৰিয়মাণ হৈ পৰিছে দৰিদ্ৰতাই পৰিয়াল সমূহ ৷ৰাইজ আৰু পশুধনক নিৰাপত্তা দিয়াত বন বিভাগে অকনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উথ্বাপন হৈছে ৷ৰাইজৰ দাবী বনবিভাগে ভুক্তভোগী সকলক অতি শিঘ্ৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক ৷

Post a Comment

Previous Post Next Post