হাজোৰ বৰ্ণিত বিন্দাছ চুৰিকাণ্ড, পাকঘৰত ৰন্ধা-বঢ়া কৰি খাই বৈ চুৰিকাণ্ড

হাজোৰ বৰ্ণিত বিন্দাছ চুৰিকাণ্ড,  পাকঘৰত ৰন্ধা-বঢ়া কৰি খাই বৈ চুৰিকাণ্ড


হাজোৰ বৰ্ণিত সংঘটিত হৈছে এক আজৱ চুৰিকাণ্ড | ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ খোদ চোৰেই হ'ল গৃহস্থ | চুৰি কৰিবলৈ আহি প্ৰথমে ৰান্ধি-বাঢ়ি পেট ভৰাই ভাত খালে চোৰে | তাৰ  পিছতেই চোৰে আৰম্ভ কৰিলে কাম ফেৰা | এফালৰ পৰা সকলো তহিলং কৰি গ'ল চোৰে | ঘৰত গৃহস্থ যাতে নাই, চোৰৰ একো লৰা-ঢপৰাও নাই | একদম বিন্দাছ চুৰিকাণ্ড |
বিগত ১৫ দিন ধৰি ঘৰটোত নাছিল কোনো গৰাকী | বৰ্ণিৰ আতোৱাৰ ৰহমানৰ পৰিয়ালটো আছিল গুৱাহাটীৰ ঘৰত | আৰু তাৰেই সুযোগ লৈ চোৰে লুটিলে নগদ ৭০ হাজাৰ টকাৰ লগতে সোণৰ প্ৰায় ৩ লাখ টকাৰ গহণা |

দেওবাৰে গুৱাহাটীৰ পৰা আহি গৃহস্থ ঘৰত প্ৰৱেশ কৰাত পোহৰলৈ আহিল এই বিন্দাছ চুৰিকাণ্ডৰ ঘটনা | ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত |

Post a Comment

Previous Post Next Post