মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে তৎপৰ গোৱালপাৰা আৰক্ষী। বিহিছে জৰিমনা
দীৰ্ঘদিনীয়া লক ডাউনৰ পিছত বর্তমান আৰম্ভ হৈছে নিউ নর্মেল আনলক প্ৰক্ৰিয়া ।। জীৱন যাত্ৰাত স্বাভাৱিক ছন্দ ঘুৰাই পাবলৈ ব্যস্ত হৈ পৰিছে এতিয়া জনগণ । আনলক প্ৰক্ৰিয়াত জনবহুল এলেকাত মাস্কৰ পৰিধান কৰাতো অত্যন্ত জৰুৰী। মাস্ক পৰিধান কৰা, নিৰাপদ শাৰীৰিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক যদিও এচাম লোকৰ কৰ্মকাণ্ডৰ বাবে বিপাঙত পৰিছে গোৱালপাৰা আৰক্ষী প্ৰশাসন ।।
এইচাম লোকে নাক-মুখ ঢাকি মাস্ক পৰিধান কৰাৰ বিপৰীতে থুতুঁৰীত মাস্ক পৰিধান কৰি জনবহুল এলেকাত ঘুৰি-ফুৰা দেখা যায়। আকৌ আন কিছুমানে পকেটত ভৰাইও লৈ ফুৰে । পুলিচ দেখিলে তৎক্ষণাত পকেটৰ পৰা ওলাই পৰিধান কৰে ।।
এই ধৰণৰ লোকক মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিবলৈ গোৱালপাৰা আৰক্ষীয়ে ঠায়ে ঠায়ে অস্থায়ী তালাচী চকী , নিৰক্ষণ কেন্দ্ৰ আদি স্থাপন কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।।
গোৱালপাৰা চহৰৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুলজাৰ হুছেইনে জানিবলৈ দিয়া মতে যিসকল লোকে নাক-মুখ ঢাকি মাস্ক পৰিধান নকৰে তেনে লোকক পাঁচশ টকাকৈ নগদ ধনৰ জৰিমনা বিহাৰ ব্যৱস্থা লোৱা হৈছে ।।
উল্লেখযোগ্য যে দেশত বৰ্তমান কৰোনাভাইৰচৰ সংক্রমণ বাঢ়ি আছে । সেয়ে জনবহুল এলেকাত মাস্কৰ ব্যৱহাৰৰ অত্যন্ত জৰুৰী । আৰু নিৰাপদ শাৰীৰিক দূৰত্ব বজায় ৰখাটোও প্রয়োজনীয় বুলি বিষয়া গৰাকীয়ে উল্লেখ কৰে।