টীয়কৰ জাঁজীমুখত বনৰীয়া মহ!
TEOK:টীয়কৰ জাঁজীমুখৰ চোমনি চাপৰিত এটা বনৰীয়া মহ কালি নিশা উদ্ধাৰ হয়।জানিব পৰা মতে দেওবাৰে দিনত এটা বনৰীয়া মহ একাংশ দুস্কৃতিকাৰীয়ে নিজৰ মহ বুলি ধৰি বান্ধি নাওৰে আনি বিক্ৰী কৰি দিয়ে। বেপাৰীয়ে পৰৱৰ্তী সময়ত বনৰীয়া মহ বুলি জানিব পৰি সন্ধিয়া পুনৰ চাপৰিত এৰি পলায়ন কৰে।উক্ত ঘটনাৰ সন্দৰ্ভত স্থানীয় জনসাধাৰণে বন বিভাগক খৱৰ দিয়াত বন বিভাগৰ বিষয়া কৰ্মচাৰী নিশাই চাপৰিত উপস্থিত হয় যদিও বনৰীয়া মহটোৱে জাঁজী নদীৰ দ অংশত আশ্ৰয় লৈছে যাৰ বাবে পাৰলৈ তুলিবলৈ বনবিভাগে চেষ্টা অব্যাহত ৰাখিছে। একাংশ লোকে জনোৱা অনুসৰি দেৱজিত , নেহৰু নামৰ যুৱক কেইজনে মহটো ব্ৰহ্মপুত্ৰৰ চাপৰি পৰা আনি বিক্ৰী কৰিছিল।

Tags
অসমীয়া বাতৰি