টীয়কৰ ভগামুখৰ একাংশ যুৱকৰ প্ৰশংসনীয় কাৰ্য দৰিদ্ৰ পৰিয়াল এটাৰ জৰাজীৰ্ন গৃহ মেৰামতিৰ ব্যৱস্থা
TEOK:টীয়কৰ ভগামুখ চাৰিঙীয়াৰ পৱন শৰ্মা নামৰ অতি দৰিদ্ৰ এটা পৰিয়ালৰ জৰাজীৰ্ণ গৃহটো অঞ্চলটোৰ একাংশ যুৱক সমবেত হৈ মেৰামতিৰ ব্যৱস্থা কৰিছে ।এক দুৰ্ঘটনাত পতিত হৈ দুৰ্ভগীয়া জীৱন কটোৱা পৱন শৰ্মাই শাৰীৰিক অক্ষমতাৰ বাবে কোনো কামেই কৰিব নোৱাৰা হ'ল । পত্নীৰে সৈতে নিসন্তান দম্পতিয়ে এটা জৰাজীৰ্ণ ঘৰত জীৱন যাপনৰ এই দুৰ্বিসহ ছবি দেখি অঞ্চলটোৰ একাংশ যুৱকে দান বৰঙণি সংগ্ৰহ কৰি,নিজৰ জেপৰ ধন খৰচ কৰি জৰাজীৰ্ণ ঘৰটো মেৰামতিৰ ব্যৱস্থা কৰি দিয়া কাৰ্যক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ।বহু সময়ত বৰ্তমান বিশেষকৈ যুৱ সমাজ মানৱতাৰ বধ্য ভূমিলৈ পৰ্যবসিত হোৱা বুলি চৰ্চা লাভ কৰাৰ সময়ত ভগামুখ অঞ্চলৰ এইসকল যুৱকৰ এনে প্ৰয়াস সঁচাকৈয়ে আদৰণীয়।এই ক্ষেত্ৰত যোৰহাট জিলাৰ অগপৰ সম্পাদক বিকাশ শইকীয়া,জিলা পৰিষদৰ সদস্য, ভগামুখ পঞ্চায়তৰ সভানেত্ৰী, কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীকে ধৰি বহু শুভাকাংক্ষীয়ে বিশেষভাৱে সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোৰে ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে বুলি মন্তব্য কৰিছে যুৱকসকলে।লগতে এনেদৰে সদায় আৰ্তসকলক চৰকাৰী সা সুবিধালৈ বাট নাচাই সাধ্য অনুসৰি সকলোকে সহায় কৰিবলৈ আহ্বান জনাইছে।

Tags
অসমীয়া বাতৰি