লাহদৈগড় আৰক্ষীৰ সাফল্য
TEOK:যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত লাহদৈগড় আৰক্ষী চকীৰ বৃহৎ সাফল্য।প্ৰাপ্ত তথ্য মতে যোৱা নিশা চটাইৰ নিমন্ত্ৰণ নামৰ এখন ধাবাৰ সন্মুখত দুলিয়াজানৰ পৰা সৰুপথাৰ অভিমুখী NL-02-Q-0370 নম্বৰ এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাক ৰখাই চালকজনে ভাত খাবৰ বাবে ধাবাখনলৈ সোমাই যায় আৰু খাই ঘুৰি আহি ট্ৰাকখন ৰাখি থোৱা নিদিৰ্ষ্ট স্থানত দেখা নাপাই ধাবাখনৰ স্বত্বাধিকাৰীজনক অৱগত কৰে।স্বত্বাধিকাৰীজনে ঘটনাটো গম পাই লগে লগে লাহদৈগড় আৰক্ষীক খবৰ দিয়ে।খবৰটো পাই লাহদৈগড় আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্তৰ নেতৃত্বত এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু গোপণ সুত্ৰৰ পম খেদি সেই অঞ্চলৰে কিছু নিলগত চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখনৰ লগতে NL-01-G-4433 নম্বৰৰ আৰু এখন খালী ট্ৰাক জব্দ কৰে।অৱশ্যে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলটো আৰক্ষীৰ নজৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।দুইখন ট্ৰাক ইতিমধ্যে লাহদৈগড় আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।

Tags
অসমীয়া বাতৰি