যোৱা কালি এক বিশেষ সূত্ৰৰ পম খেদি চুলুং আৰক্ষী টহলদাৰী চকীৰ এক অভিযানত এখন বাহনৰ পৰা সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰে নলতলিৰ আৰিমৰাৰ পৰা

যোৱা কালি এক বিশেষ সূত্ৰৰ পম খেদি চুলুং আৰক্ষী টহলদাৰী চকীৰ এক অভিযানত এখন বাহনৰ পৰা সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰে নলতলিৰ আৰিমৰাৰ পৰা



যোৱা কালি এক বিশেষ সূত্ৰৰ পম খেদি চুলুং আৰক্ষী টহলদাৰী চকীৰ এক অভিযানত এখন বাহনৰ পৰা সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰে নলতলিৰ আৰিমৰাৰ পৰা। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত হোৱা অভিযান কালত এ এচ ০৭ এ চি ৮৩৩৪ নম্বৰৰ বলেৰ' পিক-আপ বাহনৰ পৰা এই সামগ্ৰীখিনি জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে।
ৰূপহীৰ পৰা এই সন্দেহজনক ব্ৰাউন চুগাৰখিনি লক্ষিমপুৰৰ বান্দৰদোৱালৈ নি আছিল বুলি আৰক্ষীৰ আগত ধৃত লোক দুজনে স্বীকাৰোক্তি দিছে।
বিশটা পেকেটত অনা ব্ৰাউন চুগাৰখিনিৰ ওজন প্ৰায় ২৪০ গ্ৰাম হ'ব বুলি জনাইছে আৰক্ষী সূত্ৰই। লগতে ভালেমান হোমিওপেথী দৰবত ব‍্যৱহাৰ কৰা প্লাষ্টিকৰ সৰু-সৰু বটলো অভিযানকালত আৰক্ষীয়ে জব্দ কৰে। সামগ্ৰীখিনিৰ বজাৰ মূল‍্য অনুমানিক দহ  লাখ টকা বুলি আৰক্ষীয়ে জনাইছে‌।
ধৃত লোক দুজন লক্ষিমপুৰৰ লালুকৰ ক্ৰমে আতিকুল ইছলাম (৩২) আৰু মইদুল আলি (১৮) বুলি জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post