টীয়কত আদিবাসী ছাত্ৰ সন্থাৰ বিশ্ব আদিবাসী দিৱস উপলক্ষ্যত সাংস্কৃতিক মানব শৃংখল

টীয়কত আদিবাসী ছাত্ৰ সন্থাৰ বিশ্ব আদিবাসী দিৱস উপলক্ষ্যত সাংস্কৃতিক মানব শৃংখল

TEOK:সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু তিতাবৰ,চিনামৰা,টীয়ক,নকছাৰী,মৰিয়নি আৰু চেলেংহাট আঞ্চলিক সমিতিৰ সহযোগত বিশ্ব আদিবাসী দিৱসটি আজি টীয়কৰ জগদুৱাৰৰ লক্ষ্মীপূজা খেলপথাৰ প্ৰাংগণত ব্যতিক্ৰমীভাৱে উদযাপন কৰে।উক্ত দিৱসৰ লগত সংগতি ৰাখি আদিবাসীসকলক জনজাতিকৰণ,মাটি পট্টা প্ৰদান,শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধিৰ দাবীৰে এক সাংস্কৃতিক মানব শৃংখলৰ আয়োজন কৰে।আৰু এই মানব শৃংখল কাৰ্যসূচীৰ পৰাই আদিবাসীসকলৰ এই দীৰ্ঘদিনীয়া সমস্যাবোৰ অনতি পলমে অৰ্থাৎ ২১ৰ নিৰ্বাচনৰ পূৰ্বে সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।

Post a Comment

Previous Post Next Post