গোৱালপাৰা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি নুৰজামাল শিকদাৰক দুৰ্বৃত্তৰ আক্ৰমণ

গোৱালপাৰা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি নুৰজামাল শিকদাৰক দুৰ্বৃত্তৰ আক্ৰমণ 
 গোৱালপাৰা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি নুৰজামাল শিকদাৰক যোৱা কালি অৰ্থাৎ শনিবাৰে সন্ধিয়া লক্ষীপুৰত এদল দুৰ্বৃত্তই আক্ৰমণ কৰে। দুৰ্বৃত্তৰ এই ভয়াৱহ আক্ৰমণত বিজেপিৰ নেতাগৰাকী ধৰাশয়ী হৈ পৰে। পিছত স্থানীয় লোকে নেতাগৰাকীক উদ্ধাৰ কৰি লক্ষীপুৰ মহুকুমা  চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ আনে। লক্ষীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি এম এছ জাকাৰিয়া আৰু তেওঁৰ লগত অহা এদল গুণ্ডা বাহিনীয়ে নেতাগৰাকীক আক্ৰমণ কৰে বুলি জিলা সংখ্যালঘু মৰ্চাই অভিযোগ কৰিছে।উল্লেখ্য যে, সংখ্যালঘু মৰ্চাই অভিযোগ কৰা মতে, কিছুদিন পূৰ্বে পশ্চিম গোৱালপাৰাৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ এটি আপত্তিজনক তথা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন নেতা নুৰজামাল শিকদাৰে এখনি সংবাদ মেলৰ আয়োজন কৰিছিল বুলি নৱ নিৰ্বাচিত সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি আবু বক্কৰ ছিদ্দিকে জানিবলৈ দিয়ে।

Post a Comment

Previous Post Next Post