পুনৰ কংগ্ৰেছৰ দখলত মৰিগাঁও জিলা পৰিষদ
শাসকীয় দলৰ আকৌ এবাৰ মুখথেকেচা মৰিগাঁও জিলা পৰিষদত । ১৩ জনীয়া সদস্য বিশিষ্ট মৰিগাঁও জিলা পৰিষদত বিগত কেইবামাহ ধৰি অনাস্থা প্ৰস্তাৱক লৈ অস্হিৰ হৈ পৰিছিল জিলা পৰিষদখন। মহিলাৰ বাবে সংৰক্ষিত সভানেত্ৰীৰ আসনখনৰ বাবে কংগ্ৰেছৰ আঠ টা ভোট লাভ কৰি সভানেত্ৰী ৰূপে অধিষ্ঠিত হৈছিল কুশতলী জিলা পৰিষদৰ সদস্যা মজবুন নাহাৰ। সভানেত্ৰী আসনত বহাৰ পাছত স্বেচ্চাচাৰিতাৰ অভিযোগত সন্মুখীন হৈছিল অনাস্থা প্ৰস্তাৱৰ। পিছে সভানেত্ৰী চকীখনৰ লোভ সামৰিব নোৱাৰি গেৰুৱা বাহিনীৰ জালত ভৰি তথা যোগদান কৰিছিল বিজেপিত।
মনকৰিবলগীয়া যে মঙলবাৰে মৰিগাঁও জিলা পৰিষদত অনুষ্ঠিত হোৱা হোৱাৰ সাধাৰণ সভা তথা ভোটদান প্ৰক্ৰিয়াত বিজেপি দলৰ সভানেত্ৰী পদৰ প্ৰাৰ্থী ভকতগাঁও জিলা পৰিষদৰ সদস্যা প্ৰেমাক্ষী দাসে ৫ টা আৰু কংগ্ৰেছ দলৰ দল তথা লাহৰীঘাট জিলা পৰিষদৰ সদস্যা ইচমাৰা বেগমে ৮ টা ভোট লাভ কৰি সভানেত্ৰীৰ পদত অধিষ্ঠিত হয়। উল্লেখযোগ্য পুনৰ জিলাপৰিষদখন কংগ্ৰেছৰ দখলত অহাৰ বাবে মঙলবাৰে এনেদৰেই কংগ্ৰেছ কৰ্মীসকল উল্লাসিত হৈ পৰে।
আনহাতে এই সন্দৰ্ভত মৰিগাঁও জিলা কংগ্ৰেছৰ দলীয় সভাত অংশ লয় নৱ নিৰ্বাচিত সভানেত্ৰী ইচমাৰা বেগমে । তাৎপৰ্যপূৰ্ণ এয়ে যে ১৩ জনীয়া আসন বিশিষ্ট জিলা পৰিষদখনত ৮ গৰাকী কংগ্ৰেছ আৰু ৫ গৰাকী শাসকীয় বিজেপি দলৰ সদস্যৰে গঠিত। পৰিপ্ৰেক্ষিতত বিগত কেইবামাহ ধৰি সভানেত্ৰী পদক লৈ অনাস্থা প্ৰস্তাৱৰ ৰাজনীতি অব্যাহত থকাত উন্নয়ন হৈছে স্হবিৰ।
সেয়া যিকি নহওক আগন্তুক বিধান সভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী থকাৰ সময়তে শাসকীয় দলৰ মন্ত্ৰী বিধায়কে গিজগিজাই থকা মৰিগাঁৱত গেৰুৱা বাহিনীটোৰ মুখথেকেচা খোৱা
টৌ ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ লাভ কৰিছে।

Tags
অসমীয়া বাতৰি