চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক বিসংগতি/অপৰিকল্পিত ভাৱে পথ নিৰ্মাণ কৰা,নিম্নমানৰ চিমেন্ট ব্যৱহাৰৰ অভিযোগ

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক বিসংগতি, অপৰিকল্পিত ভাৱে পথ নিৰ্মাণ কৰা,নিম্নমানৰ চিমেন্ট ব্যৱহাৰৰ অভিযোগ


TEOK: ৰাইজক জলাকলা খুৱাই শামুকীয়া গতিৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেণ্ড যুক্ত পথ নিৰ্মানৰ কাম হৈ থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ দায়িত্ব প্ৰাপ্ত ঠিকা প্ৰতিষ্ঠানটোৱে অতি নিম্নমানৰ চিমেন্টকে ধৰি বিভিন্ন সামগ্ৰী পথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰাৰ উপৰি কোনো বিজ্ঞানসন্মত প্ৰক্ৰিয়া অৱলম্বন নকৰাৰ ফলত নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে বিভিন্ন বিজুতি পৰিলক্ষিত হৈছে ।জি ডি ছি এল নামৰ এক ঠিকাদাৰ প্ৰতিষ্ঠানে লাভ কৰিছিল উক্ত অংশ পথৰ সম্প্ৰসাৰণৰ কাম ।পৰবৰ্তী সময়ত জি ডি ছি এলে এই কাম লিংকন নামৰ আন এটা প্ৰতিষ্ঠানক হস্তান্তৰ কৰে ।এই প্ৰতিষ্ঠানটোৱে কৰা কাম ইমানেই নিম্নমানৰ যে নিৰ্মাণৰ এসপ্তাহ নহঁওতেই ফাট ওলাইছে পকী নলা সমূহত । বন,মেটেকা,বোকা আদি চফা নকৰাকৈ তথ মাটিৰ কোনো গুনাগুণ পৰীক্ষা নকৰাকৈ যিকোনো মাটিৰে পূৰণ কৰিছে দ অংশ । পথ সম্প্ৰসাৰণৰ কামত উন্নত মানৰ চিমেন্ট ব্যৱহাৰ কৰা বুলি ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে দাবী কৰিছিল যদিও প্ৰতিষ্ঠানটোৰ গুদামত নিম্নমানৰ চিমেন্টহে মজুত থকাত এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এনে বিসংগতি পূৰ্ণ কামৰ বিৰুদ্ধে একাংশ যুৱকে জিলা উপায়ুক্তৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

Post a Comment

Previous Post Next Post