দৰিদ্ৰ পৰিয়ালৰ কৃৰ্তি ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান

দৰিদ্ৰ পৰিয়ালৰ কৃৰ্তি ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান


টীয়ক,২৩ জুন::টীয়কৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় টীয়ক উচ্চ মাধ্যমিক বিদ্যালয় আৰু টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা ৬০ শতাংশৰ অধিক নম্বৰ লাভ কৰা দৰিদ্ৰ পৰিয়ালৰ দুগৰাকীকৈ মুঠ চাৰি গৰাকী ছাত্র -ছাত্ৰীক পদ্মা বৰুৱা সোঁৱৰণী ন্যাসৰ যোগেদি আৰ্থিক সাহাৰ্য প্ৰদান কৰে । আজি এই উপলক্ষত আয়োজিত অনুষ্ঠানত আনুষ্ঠানিক ভাৱে প্ৰদান কৰা এই সাহাৰ্য লাভ কৰিবলৈ সক্ষম হয় টীয়ক হাইস্কুলৰ অঙ্কুৰজ্যোতি হাজৰিকা,বিপ্লৱজ্যোতি বৰবৰাই আৰু টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সঞ্জনা শইকীয়া আৰু কাব্যশ্ৰী গগৈয়ে । ন্যাসৰ সভাপতি মানিক ফুকনে আঁত ধৰা এই সাহাৰ্য প্ৰদান অনুষ্ঠানত বিশিষ্ট চিকিৎসক তথা পদ্মা বৰুৱাৰ সুযোগ্য সন্তান ডা:সঞ্জীৱ বৰুৱা, টীয়ক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপাঞ্জলী হাজৰিকা, টীয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াকে ধৰি বিদ্যালয় দুখনৰ শিক্ষক সকল উপস্থিত থাকে । উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা ধাৰাবাহিক ভাৱে পদ্মা বৰুৱা ন্যাস সমিতিয়ে এই সাহাৰ্য প্ৰদান কৰি আহিছে ।লক্ষ্যনীয় এই যে পূৰ্বতে এই ন্যাসৰ সাহাৰ্য লাভ কৰা দুগৰাকী ছাত্ৰীক আজিৰ এই অনুষ্ঠানত পুনৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে চিকিৎসক বৰুৱাই ।p

Post a Comment

Previous Post Next Post