মৰিগাঁও জিলা বেলগুৰি গাঁৱৰ ৰাইজে শ্ৰমদানেৰে মেৰামতি কৰিলে এখন জৰাৰ্জীৰ্ণ দলং

মৰিগাঁও জিলা বেলগুৰি গাঁৱৰ ৰাইজে শ্ৰমদানেৰে মেৰামতি কৰিলে এখন জৰাৰ্জীৰ্ণ দলং


মৰিগাঁও জিলা ভূৰবান্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত এজাৰবাৰী গাওঁ পঞ্চায়তৰ বেলগুৰি গাঁৱত কলং নদী ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলং খন, বেলগুৰি গাঁৱৰ উন্নয়ন সমিতি, জনজাতি যুৱক সংঘ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বেলগুৰি শাখা সমিতি সহযোগত ,২৩ জুন তাৰিখে শ্ৰমদান কৰি মেৰামতি কৰা হয়। শতাধিক ৰাইজে দলংখন মেৰামতি কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উপদেষ্টা ললিত চন্দ্ৰ পাচনি,উপ সভাপতি বসন্ত ডেকা,এজাৰবাৰী আঞ্চলিক সমিতি সভাপতি ৰূপেশ্বৰ ডেকা,সদৌ তিৱা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি সভাপতি ধৰ্মচিং বৰদলৈ, অৱসৰপ্ৰাপ্ত শিক্ষক দেবেন দাস,সমাজ সেৱক হিতেশ শৰ্মাই, উক্ত শ্ৰমদান কাৰ্যসূচী নেতৃত্বৰ দিয়ে বেলগুৰি গাওঁ উন্নয়ন সমিতি সভাপতি বজেন বৰদলৈ আৰু সম্পাদক দিলীপ বৰদলৈয়ে।

Post a Comment

Previous Post Next Post