জে এম চি এইচৰ পৰা পলায়ন কৰা বুলি কোৱা ৰোগী ওলাল চিকিৎসালয়খনৰ মৰ্গত
TEOK=১০ জুনত নামচেচু দীঘলী চাপৰি অঞ্চলৰ এজন ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পাছত চিকিৎসালয়ত ৰোগীজনৰ মৃত্যু হোৱাৰ পাছতো পৰিয়ালৰ লোকক অৱগত নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে । মৃত্যুৰ আঠ দিনৰ পাছত যুৱকজনৰ মৃতদেহ জে এম চি এইচ ৰ মৰ্গত থকা বুলি পৰিয়ালৰ লোকক অৱগত কৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে । চাহ জনগোষ্ঠীৰ লোক হোৱাৰ বাবেই চিকিৎসা মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষই এনেদৰে পৰিয়ালটোৰ প্ৰতি এনে আচৰণ কৰাৰ অভিযোগ উঠিছে । অৱশ্যে চিকিৎসালয়ৰ এক সূত্ৰই জনোৱা মতে আইচুলেচন কক্ষৰ পৰা ৰোগী গৰাকী চিকিৎসাধীন অৱস্থাৰ পৰাই পলায়ন কৰিছিল । কিন্তু যোৰহাটৰ চিনামৰা অঞ্চলত ৰোগী গৰাকীক কোনো লোকে উদ্ধাৰ কৰি পুনৰ জেএম চি এইচত ভৰ্তি কৰাইছিল যদিও ৰোগীজনৰ পৰিয়ালৰ লোকৰে কোনো যোগাযোগ কৰিব পৰা নহৈছিল । কিন্তু ১৮ জুনত ৰোগী গৰাকীৰ মৃত্যু হোৱাত কোনো অভিভাৱক নথকাত তেওঁক মৰ্গত ৰখা হৈছিল ।কিন্তু শুক্ৰবাৰে ওৰাংৰ পৰিয়ালে মৃতদেহ মৰ্গত থকাৰ কথা জানিব পাৰি কৰ্তৃপক্ষৰে যোগাযোগ কৰি মৃতদেহ চমজি লয় ।

Tags
অসমীয়া বাতৰি