meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> মৰিগাঁৱত প্ৰলোভনেৰে ছোৱালীক বিয়াৰ প্ৰস্তাৱ দিব আহি আৰক্ষীৰ জালত পৰিল ভুৱা আই পি এছ বিষয়া

মৰিগাঁৱত প্ৰলোভনেৰে ছোৱালীক বিয়াৰ প্ৰস্তাৱ দিব আহি আৰক্ষীৰ জালত পৰিল ভুৱা আই পি এছ বিষয়া

 মৰিগাঁৱত প্ৰলোভনেৰে ছোৱালীক বিয়াৰ প্ৰস্তাৱ দিব আহি আৰক্ষীৰ জালত পৰিল ভুৱা আই পি এছ বিষয়া
২৯ জুন : মৰিগাঁও জিলাৰ সদৰ আৰক্ষীয়ে  আটক কৰে এজন ভুৱা আই,পি,এচ বিষয়া।উল্লেখ্য যে বহু দিন ধৰি ধেমাজিৰ পংকজ হাজৰিকা নামৰ যুৱক জনে নিজকে কেতিয়াবা আই,পি,এছ বিষয়া হিচাপে আন কেতিয়াবা আকৌ চি,আই,ডিৰ বিষয়া হিচাপে পৰিচয় দি আহিছিল।বহুদিনৰ পৰা মৰিগাঁৱৰ ভূৰবন্ধাৰ কটহগুৰিৰ এগৰাকীৰ যুৱতীক  আই,পি,এছ বিষয়া হিচাপে পৰিচয় দি প্ৰলোভনেৰে বিয়াৰ প্ৰস্তাৱ
আগবঢাই আহিছিল।পিছত যুৱতী গৰাকীয়ে বিয়াৰ প্ৰস্তাৱৰ কথা  ঘৰৰ মানুহৰ লগত  পাতিবলৈ কোৱাত তাৰ পিচত ভুৱা  আই,পি,এছ বিষয়া পংকজ হাজৰিকাই যুৱতী গৰাকী ঘৰৰ মানুহৰ লগত কথা পাতিব আহি ১0 দিন ধৰি তেওঁলোকৰ ঘৰত থাকে।অৱশেষত যুৱতী গৰাকীৰ পৰিয়ালছ গম পাই তেওঁ যে এজন ভুৱা  আই,পি,এচ বিষয়া।পিছত আজি আৰক্ষী আৰু স্থানীয় ৰাইজে সোধপোচ কৰাতহে জোলোঙাৰ মেকুৰী ওলাই।ধৃত যুৱকজনৰ স্বীকাৰোক্তিৰ মতে তেওঁ আই,পি,এথ  পৰীক্ষা দিছিল পিছে পাচ নকৰিলে তেওঁ হেনো আই পি এছ বিষয়া নহয়।
--------------------------------------

Post a Comment

Previous Post Next Post