বানপানীত গোৱালপাৰাৰ কৃষকৰ দুৰৱস্থা
আজি আমি গোৱালপাৰাৰ কৃষকৰ এক দূৰ্দশাৰ দৃশ্য দেখুৱাম, যি দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰো l এয়া কোনো নদী অথবা জলাশয়ৰ দৃশ্য নহয় l এয়া গোৱালপাৰা জিলাৰ জলেশ্বৰৰ দামৰীভাষা কৰিচালা গাওঁৰ এখন সোনোৱালী ধাননি পথাৰৰ দৃশ্য l আপুনি হয়তো অনুমান কৰিব নোৱাৰিব, কিন্তু এয়াই সঁচা l এয়া জলেশ্বৰৰ দামৰীভাষা কৰিচালা গাওঁৰ সোনোৱালী ধাননি পথাৰ l
কিদৰে ধূলিসাৎ হল হাজাৰ হাজাৰ কৃষকৰ সপোন l কৃষকসকলে মনত অযুত সপোন লৈ ধাৰ অথবা ঋণ লৈ কৰিছিল চাইনিছ বৰো, ইৰি অথবা উন্নতমানৰ ধানখেতি l তাৰ মাজতে আৰম্ভ হল লক ডাউন l লক ডাউনত জুৰুলা হৈ ভোকে লঘোনে দিন পাৰ কৰিলেও মনত আছিল আশাৰ সঞ্চাৰ l কিয়নো পথাৰত আছে কৃষকৰ বুকুৰ আপোন, সোণগুটি l কিয়নো পথাৰত পকিবলৈ ধৰিছে সোনোৱালী ধান l এনে অৱস্থাত আম্ফানৰ ফলত ভুতৰ ওপৰত দানৱ পৰাদি আহিল বানপানী l ভয়াৱহ বানৰ বিভিষিকাই ধূলিসাৎ কৰিলে কৃষক সকলোৰ সপোন l কৰবাত বানৰ কোৱাল সোঁতে উটুৱাই নিলে আনকৰবাত সোনোৱালী ধাননি পথাৰ হৈ পৰিল নদী অথবা জলাশয় l এতিয়া সৰ্বস্ব হেৰুৱাই দিক ভ্ৰষ্ট হৈ পৰিছে কৃষক সকল l এফালে ঋণ ,আনফালে নিশ্চিহ্ন হল শস্য ভৰা সোনোৱালী ধাননি পথাৰ l সৰ্বস্ব হেৰুৱাই ঋণৰ বোজা মূৰত লৈ চৰকাৰৰ ওচৰত হাত যোৰ কৰি কৰুণ মিনতি l আমাক সহায় কৰক, অন্যথা আমাৰ উপায় নাই l এনে অৱস্থাত চৰকাৰে কৃষক সকলোৰ বেদনা বুজি পাবনে ? কৃষক সকলোক ক্ষতি পূৰণ দিয়াৰ ব্যৱস্থা কৰিব নে সেয়া এতিয়া লাখ টকীয়া প্ৰশ্ন?

Tags
অসমীয়া বাতৰি