হাজো অঞ্চলৰ বৰ্ণিত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দিক-বিদিক হেৰুৱায় পেলাইছে এটি পৰিয়ালে , দুৰ্ভাগ্যবশতঃ এই যে আজি কিছুদিন আগত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা মমতাজ আলীৰ পুত্ৰ কৰ্মস্থলীত বিদ্যুৎস্পৃস্ট হৈ মৃত্যুবৰণ কৰিছিল । পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজনৰ বিয়োগত সকলো হেৰুৱাই পেলোৱা পৰিয়ালটোলৈ যেন পুণৰ নামি আহিল এক অমানিশা । দুজনী কন্যা সন্তানৰ লগতে স্ত্ৰীসতে জীৱন যুঁজত ব্ৰতী হৈ থকা মমতাজ আলীৰ দেহত ধৰাপৰে দুৰাৰোগ্য কেঞ্চাৰ ৰোগ । যাৰ বাবে পৰিয়ালৰটোৱে কোনোধৰণৰ পোহৰৰ বাট দেখি পোৱা নাই । আজি কিছুদিন ধৰি পৰিয়ালটোক স্থানীয় ৰাইজে কিছু পৰিমাণে চোৱা-চিতা কৰিছে যদিও পৰিয়ালটোৰ বাবে পৰ্যাপ্ত নহয় যাৰ বাবে কেমেৰাৰ সন্মুখত কান্দি কান্দি ৰাইজৰ ওচৰত হাত-পাতিছে মাতৃয়ে । ৰাইজৰ ওচৰত সকলো এৰি দিয়া পৰিয়ালটোলৈ কোনোবাই সহায়ৰ হাত আগবঢ়াব বিছাৰিলে উল্লেখিত একাউণ্ট নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে ।
Allahabad BANK
Hajo Branch
A/C-5902487309
IFC COD-ALLA0210291