এদল তৰুনৰ প্ৰতিভাই মোহিছে সকলোকে, সুৰ তালৰ মুৰ্ছনাত জীপাল লক ডাউনৰ এক আবেলি
টীয়ক :- মহামাৰিৰ প্ৰকোপত দেশৰ জনতা গৃহবন্দী হৈ থকা সময়তে নিজ নিজ প্ৰতিভাৰে বিভিন্নজন উজ্জ্বলি উঠিছে ছ’ছিয়েল মিডিয়াৰ পৃষ্ঠাত৷ প্ৰতিজনৰ বুকুৰ কোনত লুকাই থকা প্ৰতিভাই প্ৰকাশৰ যেন বাট বুলিছিল এই সময়ছোৱাত ৷ হয়, তেনে কেইজনমান টীয়কৰ যুৱ প্ৰতিভাই আছি চাব বহুৱাই ছ’চিয়েল মিডিয়াৰ পৃষ্ঠাত ৷ টীয়কৰ এই সকল তৰুণ আজি ব্যস্ত সংগীতৰ চৰ্চাত,লক ডাউনৰ মাজতে সমনীয়া কেইবাজনো উদিয়মান প্ৰভিভাশালী যুৱক এক লগ হৈ গাইছে অসমীয়া,হিন্দী এটাৰ পাছত এটা জনপ্ৰিয় গীত,লগতে বাঁহীৰ সুৰীয়া বুলনিত তথা অনান্য বাদ্যৰ নিখুত চালনাত জীপাল হৈ পৰিছে সমগ্ৰ পৰিবেশ,হয় সংগীতৰ মাজতে এইসকল যুৱকে বিচাৰি পাইছে এক অনান্য সুখ-শান্তি।উদিয়মান শাংকব কৌশিকৰ কণ্ঠত প্ৰাণ পাই উঠিছে বলীউডৰ অদ্বিতীয় সংগীত শিল্পী এ আৰ ৰহমানৰ অন্যতম এটি জনপ্ৰিয় গীত।লক ডাউনৰ সম্পূৰ্ণ সুবিধা লৈ শাংকব, সুৰজ, মৃন্ময়,পাৰ্থ,বেদান্ত,মৃগাংক,বিক্ৰম, অদিৰথৰ এই প্ৰচেষ্টাক সবত্তে আদৰণি জনাইছে।উল্লেখযোগ্য যে ইতিপূৰ্বে এইসকল সংগীতানুৰাগী যুৱকে নিজৰ প্ৰতিভা ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি জনপ্ৰিয়তাৰ শীৰ্ষক আৰোহণ কৰিবলৈ সক্ষম হৈছে।

Tags
অসমীয়া বাতৰি