আজিৰ পৰা পুহি আইতাৰ নতুন ঠিকনা

আজিৰ পৰা পুহি আইতাৰ নতুন ঠিকনা


TEOK==২৭ দিনৰ অন্তত টীয়ক কাৱৈমাৰীৰ কলবাৰীৰ পুহি আইতাৰ আজিৰ পৰা হল নতুন ঠিকনা ।কেউ কিছু নথকা পুহি আইতাই জাঁজী নদীৰ মথাউৰিত দীৰ্ঘদিন ধৰি এক জৰাজীৰ্ন পৰিৱেশত জীৱন নিৰ্বাহ কৰিছিল ।যাৰবাবে অসুস্থ হৈ পৰিছিল আইতা । এই কথা সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পাছত চুতীয়া জাতি ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে পুহি আইতাক চিকিৎসাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তেওঁক ৩ মে তাৰিখে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰি ক্ৰমে সুস্থ হৈ উঠা পুহি আইতাক আজি চিকিৎসা লয়ৰ পৰা যাবলৈ দিয়া হয় । চিকিৎসালয়ৰ পৰা পুহি আইতাক লৈ যাব সাৰথি বৃদ্ধাশ্ৰমলৈ । চিকিৎসালয়ৰ পৰা বিদায় পৰত আইতাৰ কাষত সাৰথিৰ কৰ্মকৰ্তা সকলৰ লগতে বিশেষ ভাবে উপস্থিত থাকে চুতীয়া জাতি ছাত্র সন্থাৰ টীয়ক আঞ্চলিকৰ প্ৰতিনিধি সকল ।

Post a Comment

Previous Post Next Post