বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ

বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ 

বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । বিশেষকৈ জিলাখনৰ অভয়াপুৰীৰ বিস্তৃৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ উপৰিও বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে শতাধিক কৃষিজীৱি লোক। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ সমূহৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ ফলত দক্ষিন অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰজানা গাও পঞ্চায়তৰ অন্তৰ্গত  কেবাখন গাও বানৰ কৱলত পৰা পৰিছে। অঞ্চল সমূহৰ বহু পৰিয়ালৰ ঘৰ চোতাল বানত বুৰ যোৱাৰ লগতে শতাধিক কৃষক পৰিয়ালৰ
কৃষিভুমি বানৰ কৱলত পৰিছে। তিনিদিন ধৰি বৃদ্ধি পোৱা বানপানীয়ে ইতিমধ্যে  ইৰিধানৰ ব্যাপক ক্ষতি কৰাৰ উপৰিও মৰাপাট খেতিৰো ব্যাপক ক্ষতি সাধন কৰে। কৃষিজীৱি লোকসকলৰ মুৰত ভূতৰ ওপৰত দানহ পৰাদি বছৰৰ প্ৰথমটো বানে সন্ত্ৰাস চলোৱাত মুৰে কপালে হাত দিব লগা হৈছে খেতিয়কে। কিন্তু ইয়াৰ পিছতো জিলাখনৰ বানত আক্ৰান্ত উক্ত লোকসকলৰ প্ৰশাসনে খা খৱৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Post a Comment

Previous Post Next Post