দিহিং পাটকাই সুৰক্ষাৰ দাবীত টীয়কত আছু তথা অন্যান্য সংগঠনৰ মানৱ শৃংখল

দিহিং পাটকাই সুৰক্ষাৰ দাবীত টীয়কত আছু তথা অন্যান্য সংগঠনৰ  মানৱ শৃংখল


TEOK::: দিহিং পাটকাই  সংৰক্ষিত অভয়াৰণ্য সুৰক্ষাৰ দাবীত আৰু মুক্ত কয়লা খননৰ বিৰোধিতাৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আছু, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, আটছা টীয়ক উপ শাখা আৰু টি এম পি কেই টীয়ক বাগানত শনিবাৰে লকডাউনৰ সম্পূৰ্ণ নীতি নিয়ম বৰ্তাই ৰাখি সামাজিক ব্যৱধানৰ মাজেৰে মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। দিহিং পাটকাই হস্তী সংৰক্ষিত অভয়াৰণ্যত কেন্দ্ৰীয় চৰকাৰে লক ডাউনৰ সুযোগ গ্ৰহণ কৰি মুক্ত কয়লা খনন চলাবলৈ অনুমতি দিয়া কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়া লগতে মুক্ত কয়লা খননৰ ফলত বৰ্ষাৰণ্যখনৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ উপৰি পৰিবেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰাৰ লগতে জীৱকুললৈ বিপদ কঢ়িয়াই আনিব বুলি উল্লেখ কৰে।





Post a Comment

Previous Post Next Post