লকডাউনৰ গ্ৰাসত পৰি শাৰীৰিক আৰু মানসিক ভাৱে অসুস্থ হৈ পৰিল বহিঃৰাজ্যত কৰ্মৰত কলিয়াবৰৰ এজন যুৱক!

 লকডাউনৰ গ্ৰাসত পৰি শাৰীৰিক আৰু মানসিক ভাৱে অসুস্থ হৈ পৰিল বহিঃৰাজ্যত কৰ্মৰত কলিয়াবৰৰ এজন যুৱক!
News Nation Digital 24X7

লকডাউনৰ গ্ৰাসত পৰি শাৰীৰিক আৰু মানসিক ভাৱে অসুস্থ হৈ পৰিল বহিঃৰাজ্যত কৰ্মৰত কলিয়াবৰৰ এজন যুৱক!
 লকডাউনত অনাহাৰ-অনিদ্ৰাৰ মাজত কিংকৰ্তব্য বিমূৰ হৈ যুৱকজনে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। তেলেংগানাৰ হায়দৰাবাদত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল কলিয়াবৰৰ লাইলুৰীৰ ৰঞ্জিত দাস নামৰ ২২ বছৰীয়া যুৱকজন। লকডাউনৰ পিছৰে পৰা ক্ৰমাৎ অসুস্থ হৈ পৰে যুৱকজন। স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাত যুৱকজনক হায়দৰাবাদৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায় লগত থকা লোকসকলে। কিন্তু বৰ্তমানেও উন্নত হোৱা নাই যুৱকজনৰ স্বাস্থ্য। উন্নত চিকিৎসাৰ অভাৱত যুৱকজনে ক্ৰমাৎ মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। চিকিৎসালয়তে যুৱকজনৰ কভিভ-১৯ পৰীক্ষা কৰাত নিগেটিভ অহা বুলিও সদৰি কৰে পৰিয়ালৰ লোকে। যুৱকজনৰ এনে দুৰৱস্থাত এতিয়া ভাগি পৰিছে পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ লোকসকল। যুৱকজনক উন্নত চিকিৎসাৰ বাবে অসমলৈ লৈ আনিব বিচাৰিছে যদিও আৰ্থিক নাটনিৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই। সেয়ে, যুৱকজনক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰলৈ প্ৰাৰ্থনা কৰিছে পৰিয়ালৰ লোকে।

Post a Comment

Previous Post Next Post