বহিৰ্ৰাজ্যৰ পৰা বৰপেটালৈ আহা ৪৯ জনক সৰভোগ, পাঠশালাত কৰা হল কোৱাৰেন্টাইন

বহিৰ্ৰাজ্যৰ পৰা বৰপেটালৈ আহা ৪৯ জনক সৰভোগ, পাঠশালাত কৰা হল কোৱাৰেন্টাইন
পৰীক্ষাৰ‌ বাবে নমুনা সংগ্ৰহ



১৫ মে' : বহিৰ্ৰাজ্যৰ পৰা আজি আবেলিলৈ বৰপেটা জিলাত ৪৯ জনৰ লোক প্ৰবেশ কৰিছে। পুৱতি নিশাতে পাটাছাৰকুছীৰে জিলাখনত প্ৰৱেশ কৰা ৯ জন লোকক পাটাছাৰকুছী পৰিদৰ্শন বাংলাত স্বাস্থ্য পৰীক্ষাৰ পিছত পাঠশালাৰ হোটেল অভিনন্দত কোৱাৰেন্টাইন কৰা হৈছে । জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে, তেওঁলোকৰ মাজৰ দুজন দিল্লীৰ, ৫ জন তামিলনাডুৰ আৰু ২ জন পশ্চিম বংগৰ পৰা ৰেলেৰে আহি গুৱাহাটীত নামিছিল। ইফালে ৰেলেৰে কাহিলী পুৱাতে কোকৰাঝাৰ ষ্টেচনত নমা বৰপেটা জিলাৰ আন ৪০ জন যাত্ৰীক গাড়ীৰে আনি সৰভোগৰৰ বৰনগৰ মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছে । তেওঁলোক ঝাৰখণ্ড, বিহাৰ, পশ্চিম বংগ আৰু হাৰিয়ানাৰ পৰা আহিছে । কোভিদ ১৯ পৰীক্ষাৰ বাবে সকলোৰে খেকাৰৰ নমুনা স্বাস্থ্য বিভাগৰ দলে ইতিমধ্যে সংগ্ৰহ কৰিছে । আজি নিশাৰ ভাগত কোকৰাঝাৰ হৈ আন এটি দল বৰপেটা জিলালৈ আহিব বুলি জানিব পৰা গৈছে । তাৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । এই সকল লোকক ৰখাৰ বাবে সৰভোগৰ বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়খনকো সাজু কৰি ৰখা হৈছে।


Post a Comment

Previous Post Next Post