টীয়ক :- এটাৰ পাছত এটা সমস্যাই কোঙা কৰি অহা ৰাজ্যবাসী কৰুনাৰ ত্ৰাসত গৃহবন্দী হৈ থকাৰ সময়তে বছৰৰ প্ৰথমটো বানে যেন দৃশহাৰা কৰিছে ৰাইজৰ জনজীৱন৷ হয় বাৰিষাৰ প্ৰথমটো বানে যেন ক্ৰমাত জতিল কৰিছে জনজীৱন ৷যোৰহাট জিলাৰ পূব প্ৰান্তৰ টীয়ক ৰাজহ চক্ৰৰ অন্তগত নৈ পৰিয়া জাঁজীমুখ অঞ্চলত আৰম্ভ হ’ল বানৰ প্ৰকোপ ক্ৰমাৎ বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে জাঁজীমুখ পাৰঘাটৰ নাঁওৰ চলাচল । ফলত বহি জগতৰে বিছিন্ন হৈ পৰিল জাঁজীমুখৰ জপং,বৰমথাউৰি,শগুনপৰা,তিনিঘৰীয়াকে ধৰি প্ৰায় ১০/১২ খন গাঁও । নদীখনৰ বাঢ়নী পানীয়ে ইতিমধ্যে নদীৰ ইপাৰৰ গাঁও সমূহ বুৰাই পেলাইছে । বৰ্তমানো পানী বাঢ়ি আছে ব্ৰহ্মপুত্ৰৰ ।এইদৰে নদীখনৰ পানী বাঢ়ি থাকিলে অনাগত দিনত নদীপৰীয়া ৰাইজ গভীৰ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা দেখা দিছে ।সৰ্বতে ক'ৰোণাৰ আতংকৰ সময়ত ব্ৰহ্মপুত্ৰৰ এই বাঢ়নী পানীয়ে এতিয়া নৈপৰীয়া ৰাইজৰ অৱস্থা যে অধিক সংকটময় কৰি তুলিব সেয়া খাটাং হৈ পৰিছে।ইতিমধ্যে খেতি পথাৰ,বাট পথ সকলো পানীৰ কবলত।
Tags
অসমীয়া বাতৰি
