হাজোৰ সনাতন ডেকাৰ হত্যা কাৰীক ফাঁচীৰ দাবী আৰু এই ঘটনাৰ সাম্প্ৰদায়িক ৰূপ নিদিয়াৰ আহ্বান টীয়কৰ মুছলিম সম্প্ৰদায়ৰ লোকৰ
TEOK: সমগ্ৰ ৰাজ্য কপাই যোৱা হাজোৰ ক্ষুদ্ৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্তক ফাঁচী দিয়াৰ বাবে বুধবাৰে টীয়কৰ বাদুলীপুখুৰীত মৰিয়া জাতি যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোক সকলে দাবী জনায় । ইপিনে একাংশ লোকে হাজোৰ এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দি সামাজিক মাধ্যমৰ যোগেদি সাম্প্ৰদায়িক বীজ বাষ্প বিয়পাব বিচৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় সমবেত সকলে । হত্যাকাৰীৰ কোনো ধৰ্ম নাই ।হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰক । কিন্তু এনে ঘটনাৰ আলম লৈ সাতামপুৰুখীয়া অসমৰ সম্প্ৰীতি বিনষ্ট নকৰিবলৈ আহ্বান জনায়।

Tags
অসমীয়া বাতৰি