গোৱালপাৰাত শিশু খাদ্য বিতৰণক লৈ বৃহৎ কেলেংকাৰীৰ অভিযোগ ৰাইজৰ। এজাহাৰ দাখিল অংগনাবাড়ীৰ কৰ্মীৰ বিৰুদ্ধে

গোৱালপাৰাত শিশু খাদ্য বিতৰণক লৈ বৃহৎ কেলেংকাৰীৰ অভিযোগ ৰাইজৰ। এজাহাৰ  দাখিল  অংগনাবাড়ীৰ কৰ্মীৰ বিৰুদ্ধে
News Nation Digital 24X7




গোৱালপাৰা জিলাৰ কল্যাণপুৰৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰপাহাৰৰ ১১৪ নং বৰপাহাৰ অঙ্গনাবাদী কেন্দ্ৰৰ কৰ্মী  চৰিফা বেগমৰ ব্যাপক কেলেংকাৰীৰ অভিযোগ দীৰ্ঘদিনীয়া।এইবাৰো তিনি কুইণ্টল চাউল আত্মসৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

অভিযোগ মতে  ১২০ কিলো মটৰ আৰু 5 কুইন্টল চাউল আহিছিল বিতৰণ কৰাৰ বাবে। কিন্ত মাত্ৰ ৪০  কিলোগ্ৰাম মটৰ আৰু 2 কুইন্টল চাউল হে বিতৰণ কৰা বুলি ৰাইজে অভিযোগ কৰে।শিশুখাদ্য বিতৰণৰ খেলিমেলি সম্পৰ্কে ৰাইজে জানিব বিচাৰি অঙ্গনাবাদী কৰ্মী গৰাকীৰ ওচৰৰ চাপিলে ওলোটাই কৰ্মী গৰাকীয়ে দুৰ্ব্যৱহাৰ কৰি খেদি পঠায় বুলিও অভিযোগ কৰে ।
চৰিফা বেগমৰ এই অমানৱীয় কাণ্ডত স্থানীয় ৰাইজ জাঙুৰ খাই উঠে আৰু অঙ্গনাবাদী কৰ্মী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।


Post a Comment

Previous Post Next Post