ক'ৰোণাৰ সমান্তৰালকৈ গাহৰিৰ ছোৱাইন ফিভাৰে অধিক সংকীত কৰিছে ৰাজ্যৰ গাহৰি পালক সকলক, টীয়কটো পালকৰ মুখত দেখা গ’ল শংকাৰ চাব
TEOK: আজি দেশ তথা বিশ্ব মাৰাত্মক ক'ৰোণা ভাইৰাছৰ সৈতে যুজি আছে ৷ এই ভাইৰাছৰ প্ৰভাৱতে আজি এক প্ৰকাৰে অচল সমগ্ৰ বিশ্ব৷ সকলো স্তৰতে আজি বন্ধ কেওফালে হতাশা৷ বৃহৎ পুজিপতিৰ পৰা দিন মজুৰী কৰি খাটিখুৱা জনলৈ সৰ্বত্ৰে লক ডাউন৷ এই মহামাৰিৰ সমান্তৰাল ভাৱে কিন্তু আজি ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে গাহৰিৰ ছোৱাইন ফিভাৰে।
হয়, অন্য এক মহামাৰি ছোৱাইন ফিভাৰ" ৰাজ্যখনৰ ছয়খনকৈ জিলাত ইতিমধ্যে চৰকাৰে গাহৰি কিনা বেচা নিষিদ্ধ ঘোষণা কৰিছে।কিয়নো ছোৱাইন ফিভাৰৰ বাবে অসমৰ কেইবাখনো জিলাত অস্বাভাৱিক ভাৱে গাহৰিৰ মৃত্যু হৈছে।সেয়ে এতিয়া শংকিত কৰি তুলিছে গাহৰি পালক সকলক । যোৰহাট জিলাৰ এলেংমৰাৰ কলবাৰী অঞ্চলত এই পৰ্যন্ত ১৩ টা গাহৰিৰ মৃত্যু হোৱা বুলি কৃষি বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে যদিও এই সমূহ গাহৰিৰ মৃত্যুৰ কাৰণ অৱশ্যে ছোৱাইন ফিভাৰ বুলি নিশ্চিত নহয় কৃষি বিকাশ কেন্দ্ৰ ।অৱশ্যে কৃষি বিজ্ঞান কেন্দ্ৰৰ চিকিৎসকৰ মতে গাহৰি পালনৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰাৰ ফলতেই সংঘটিত হৈছে। ইতিমধ্যে চিকিৎসকলে গাঁৱে গাঁৱে গৈ তিকাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নিৰ্দিষ্ট নীতি নিৰ্দেশনাৰ মাজেদি গাহৰিসমূহ পালন কৰিবলৈ পালকসকলক সজাগ কৰিছে। তৎস্বত্বেও গাহৰি পালক সকল নানান সমস্যাৰ সন্মুখীন হৈছে ।গাহৰি ফাৰ্মত উৎপাদিত গাহৰি পোৱালি সমূহ বিক্ৰী কৰিব পৰা নাই বজাৰত । ফলত ফাৰ্মত স্থানৰ অভাৱত এতিয়া গাহৰি পোৱালি সমূহ থ'বলৈ সমস্যাৰ সৃষ্টি হৈছে ।গাহৰি পালক সমূহৰ জীৱনলৈ নামি অহা এই দূৰ্যোগৰ সময়ত পশুপালন বিভাগৰ মন্ত্ৰী তথা বিভাগটোৰ বৰমুৰীয়া সকলে বিশেষ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে সংকটৰ গৰাহত পৰিব গাহৰি পালকসকল ।