টীয়কত ৰাইজৰ কাষত আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ ,বানেগৰকা জাজীঁমুখৰ ৫০০ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

টীয়কত ৰাইজৰ কাষত আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ ,বানেগৰকা জাজীঁমুখৰ ৫০০ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ
News Nation Digital 24X7

 টীয়ক: মহামাৰী কৰুণা ভাইৰাছৰ সংক্ৰমনে অসমৰ খাতিখোৱা ৰাইজক বাৰুকৈয়ে জোকাৰি গৈছে। তেনে সময়তে আর্থিকভাৱে পিছপৰা লোকৰ কাষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ৷ তেখেতে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগৰ বিশেষ সহযোগত তথা টীয়ক আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, জাজীঁমুখ আঞ্চলিক ছাত্ৰ সন্থা সতীৰ্থ সকলক লগত লৈ চৰকাৰী নীতি নিৰ্দেশনাৰ সমাজিক দূৰত্ব বজাই যোৰহাট জিলাৰ টীয়কৰ জাজীঁমুখৰ লুইতপৰীয়া, হাতীশাল, বেজৰচিগা অঞ্চলত আর্থিকভাৱে পিছপৰা ৫০০ পৰিয়ালৰ মাজত চাউল, দাইল, আটা পিয়াঁজ, আলু, মিঠাতেল, নিমখ আদি বিতৰণ কৰে।মানৱ সেৱাই শ্ৰেষ্ঠ সেৱা, ই সকলো ৰাজনীতিৰ উৰ্ধত অনুস্থান আৰম্ভ কৰি কলে আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে৷  এই ক্ষেত্ৰত বিশেষভাৱে ছাত্ৰছাত্ৰী সকলৰ সামগ্ৰী প্ৰদান কৰে টীয়কৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰদিপ চুতীয়া আৰু শতাধিক  মাস্ক প্ৰদান কৰে কলীয়াপানী উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক শ্ৰীমতী তুনতুনি বৰাৰ নেতৃত্বত তৃনয়না মণ্ডল পৰ্যায়ৰ সংগঠনে৷ বিতৰণ কাৰ্যসূচীত আছু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক জুল খাওন্দ, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উদ্দীপ জ্যোতি গগৈ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্তু ভূঞা, সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া,সহকাৰী সম্পাদক ভাস্কৰ গগৈ, দীপাংকৰ বেজবৰা,ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ ইছফাক আলি আহমেদ, টীয়ক আছুৰ উপ সভাপতি পাপু কলিতা, ৰক্তিম হাজৰিকা, শিক্ষক সম্পাদক বিতোপন পদ্দাৰ, টীয়ক কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাৰ দেৱব্ৰত শইকীয়া, শিমলুগুৰি মৌজা আছুৰ উপদেষ্টা যদুমণি বৰুৱা, সভাপতি দেৱব্ৰত শইকীয়া, সম্পাদক কংকুল বৰুৱা, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ আছু গোটৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্তৰ লগতে কাকজান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পঙ্কজ গোস্বামী আৰু তুফেল জিলানী ,টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, আলোক সন্ধানী মঞ্চৰ অংশুমান ভট্টাচাৰ্যই৷ আৰম্ভণিতে টীয়কলৈ আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতিগগৈ, সাংগঠনিক সম্পাদক জুল খাওন্দ, কাৰ্যনিৰ্বাহক সদস্য উদ্দীপ জ্যোতি গগৈক একোটিকৈ বৃক্ষ পুলিৰে স্বগতম জনালে স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাৰ সঞ্চালক বিজু কুমাৰ শৰ্মাই৷


Post a Comment

Previous Post Next Post