ক'ভিদ আক্ৰান্ত ববিতা বাছফৰৰ বায়েক টিটলী বাছফৰক কেন্দ্ৰ কৰি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ হৰিজন ক'লনীত আতংকময় পৰিবেশ । প্ৰশাসনে ক'লনি ছীল কৰাৰ পিছত সম্প্ৰতি এশ এবুৰি সমস্যাত ভাৰাক্ৰান্ত চাফাই কৰ্মীসকল

ক'ভিদ আক্ৰান্ত ববিতা বাছফৰৰ বায়েক টিটলী বাছফৰক কেন্দ্ৰ কৰি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ হৰিজন ক'লনীত আতংকময় পৰিবেশ । প্ৰশাসনে ক'লনি ছীল কৰাৰ পিছত সম্প্ৰতি এশ এবুৰি সমস্যাত ভাৰাক্ৰান্ত চাফাই কৰ্মীসকল
News Nation Digital 24X7


বঙাইগাঁও জিলাৰ অভয়াপুৰীত আতংকৰ আন এটা নাম ববিতা বাছফৰ আৰু দীপক মল্লিক। এই দুইগৰাকী ক'ভিদ আক্ৰান্তৰ বাবে এতিয়া দুশ্চিন্তাত সময় অতিবাহিত কৰিব লগা হৈছে অভয়াপুৰীবাসীয়ে। কিয়নো বিগত সময়ছোৱাত এই দুয়োগৰাকীয়ে অভয়াপুৰীৰ বিভিন্ন স্থানত চলাচল কৰাৰ পৰিপেক্ষিতত আক্ৰান্তৰ সংস্পৰ্শৰ অহাৰ আশংকাত ভুগিছে বহুজনে। শুকুৰবাৰে মহকুমা প্ৰশাসনে হৰিজন ক'লনী ছীল কৰাৰ পিছতেই অভয়াপুৰীৰ বিভিন্ন ক্ষেত্ৰত চাফাইকৰ্মী হিচাবে কৰ্মৰত লোকসকল সমস্যাত পৰা পৰিলক্ষিত হৈছে । বিশেষকৈ ববিতা বাছফৰৰ বাইদেউ টিটলী বাছফৰৰ বাসগৃহ হৰিজন ক'লনিত হোৱাৰ পৰিপেক্ষিতত সঘন আহযাহ চলিছিল আৰু তাৰপিছতেই উক্ত আবাসিক অঞ্চল ছীল কৰি দিয়ে প্ৰশাসনে। আনহাতে, ক'ভিদ আক্ৰান্ত দীপক মল্লিকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ কন্টেক্ট হিষ্ট্ৰী প্ৰকাশ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহন কৰাৰ উপৰিও দীপকৰ সংস্পৰ্শত অহাৰ সন্দেহত প্ৰশাসনে ইতিমধ্যে তেওঁৰ পৰিয়ালৰ ১১ জনক বঙাইগাঁওলৈ কোৱাৰেন্টাইনৰ বাবে প্ৰেৰণ কৰাৰ উপৰিও আমগুৰী ২য় খণ্ডৰ ৩৫ গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উল্লেখ্য যে, আজিৰ দিনটোত অভয়াপুৰীত নিমাওমাও পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। কেউদিশে মাথো ভয় আৰু আতংকই বিৰাজ কৰিছে চহৰখনত।


Post a Comment

Previous Post Next Post