গোকুল পাঠকৰ নামত বৰপেটাত উপায়ুক্ত‌ই মুকলি কৰিলে পথ

গোকুল পাঠকৰ নামত বৰপেটাত উপায়ুক্ত‌ই মুকলি কৰিলে পথ
জিলা প্ৰশাসনৰ উদ্যোগত প্ৰকাশ পাব স্মাৰক গ্ৰন্থ



১৯ মে' ● বৰপেটা ৰত্ন ৰূপে পৰিচিত প্ৰয়াত গোকুল পাঠকৰ মৃত্যুৰ দশম দিনটোতে আজি বৰপেটাত বৰপেটা পৌৰ সভাই তেওঁৰ নামত এটি পথৰ নামাকৰণ কৰে। স্বনামধন্য শিল্পী, সাহিত্যিক, ইতিহাস প্ৰণেতা গৰাকীৰ নামত বৰপেটা-বাঘবৰ পথৰ সৈতে কৰেৰতল সংযোগী প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱাৰ নামাকৰণ কৰা হৈছে। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আজি বিয়লি আনুষ্ঠানিকভাৱে  গোকুল পাঠকৰ নামত এই পথচোৱা নামাকৰণ কৰে। এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত বৰপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা বৰপেটা পৌৰসভাৰ কাৰ্যবাহী বিষয়া নৱজিত পাঠক আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে। ইয়াৰ পূৰ্বে গোকুল পাঠকৰ বাসভৱনৰ চোতালত আয়োজিত এখন স্মৃতিচাৰণ সভাত অংশলৈ দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে জিলা প্ৰশাসনৰ উদ্যোগত গোকুল পাঠকৰ সোঁৱৰণত এখন  গ্ৰন্থ প্ৰকাশ কৰা হব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে, "গোকুল পাঠকৰ দৰে গুণী ব্যক্তিসকল আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই নাযায়। মৃত্যুৰ পিছতো পাঠক ডাঙৰীয়া তেওঁৰ কৰ্মৰাজিৰ অধিক চৰ্চাৰে ৰাইজৰ মনত জীৱন্ত হৈ ৰব"। বৰপেটা ছাত্ৰ সন্থাৰ উদ্যোগত অতি অনুষ্টুপীয়াকৈ আয়োজিত সভাখনত জিলা আৰক্ষী অধীক্ষক ৰবীন কুমাৰ সিং, বিশিষ্ট সাহিত্যিক , শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰ‌ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে।


Post a Comment

Previous Post Next Post