গোৱালপাৰাৰ বেলতলাত ১৫২ নম্বৰ চি আৰ পি এফ বেটেলিয়েনৰ সাহায্য প্ৰদান
১৫২ নম্বৰ বেটেলিয়েনৰ চি আৰ পি এফ জোৱান সকলে সদ্ভাৱনা মিচনৰ উদ্দোগত দৰিদ্ৰ জনতালৈ বিতৰণ কৰে খাদ্য সামগ্ৰী । লকডাউনৰ ফলত আবদ্ধ হৈ পৰা জনতাৰ মাজত খাদ্য সংকটে দেখা দিয়াত চি আৰ পি এফ জোৱান সকলে ইতিমধ্যে গোৱালপাৰা জিলাৰ আগিয়া, ডালুক, কিশমতপুৰ, ৰাক্ষসিনী আদি অঞ্চলত সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, ডালি, আলু, নিমখ, মিঠাতেল, বিস্কুট, চাবোন, মাস্ক, ছিনেটাইজাৰ আদি সামগ্ৰী প্ৰদান কৰে। লকডাউনৰ ফলত চহৰৰ বেলতলা, শাস্ত্ৰী নগৰ, মৰিয়ম নগৰ আদি অঞ্চলত জনজীৱন স্তব্ধ হৈ পৰাৰ সময়তে গোৱালপাৰা চহৰৰ ময়লাপথাৰ স্থিত ১৫২ নম্বৰ বেটেলিয়েনৰ কমাণ্ডেন্ট মিথিলেশ কুমাৰৰ উপস্থিতিত আজিও তিনি শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশকীয় সামগ্ৰী বিতৰণ কৰে।
ৰাইজক সাহায্য সামগ্ৰী প্ৰদান কৰি কমাণ্ডেন্ট মিথিলেশ কুমাৰে ৰাইজক উদ্দেশ্যি কয় যে বিগত প্ৰায় পোন্ধৰ দিনত ইতিমধ্যে ১৫শতকৈ অধিক পৰিয়ালৰ মাজত অত্যাৱশকীয় সামগ্ৰী বিতৰণ কৰা হৈছে । জনতাৰ দুৰ্দিনতো চি আৰ পি এফ জোৱান সদায় ৰাইজৰ কাষত থাকে বুলিও কয় কমাণ্ডেন্ট গৰাকীয়ে। লকডাউন মানি ঘৰতে থকাৰ লগতে সামাজিক দূৰত্বও বজাই ৰাখিব লাগিব। বিনা কাৰণত ঘৰৰ পৰা ওলাব নালাগিব, সদায় মাস্ক পৰিধান কৰাৰ লগতে হাত ধুব লাগিব আৰু ছিনেটাইজাৰ ব্যৱহাৰ কৰিব লাগিব বুলি ৰাইজক উদ্দেশ্যি সজাগতা মূলক আহ্বান জনায় কমাণ্ডেন্ট মিথিলেশ কুমাৰে । লগতে আজিৰ সাহায্য কাৰ্যসূচীত মেজৰ চুবেদাৰ সুন্দৰ সিংয়েও ৰাইজক কৰণা ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ উপায় আৰু লকডাউনত নিজ গৃহতে থকাৰ কথা দোহাৰে । আজিৰ সাহায্য প্ৰদান অনুষ্ঠানত চি আৰ পি এফ ডিচি হৰ্ছ ত্ৰিপাঠী, চুবেদাৰ ৰাজপাল সিং, এছ আই নিত্যানন্দ, এ এছ আই বলবন সিংৰ লগতে চি আৰ পি এফ জোৱান ধৰম পাল, জিতৰাম, শৈলধৰ ডেকা সমন্বিতে বহু কেইগৰাকী জোৱানে সাহায্য সামগ্ৰী বিতৰণত সহায় কৰে।