শিশু খাদ্য বিতৰণক লৈ বৃহৎ কেলেংকাৰীৰ অভিযোগ গোৱালপাৰাত । অংগনাবাড়ীৰ কৰ্মীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ৰাইজ

শিশু খাদ্য বিতৰণক লৈ বৃহৎ কেলেংকাৰীৰ অভিযোগ গোৱালপাৰাত ।  অংগনাবাড়ীৰ কৰ্মীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ৰাইজ
News Nation Digital 24X7
গোৱালপাৰা সদৰ চহৰৰ ১৭ নং ৱাৰ্ডৰ অন্তৰ্গত বিহুফিল্ড ৪১২ নং অঙ্গনাবাড়ী কেন্দ্ৰত কৰ্মী  মালয়া বেগমৰ শিশুখাদ্য বিতৰণক লৈ ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । নিয়ম মতে ছয় কিলোগ্ৰাম চাউল আৰু আঠশ বিশ গ্ৰাম মটৰ বিতৰণ কৰিব লাগে  কিন্তু অঙ্গনাবাড়ী কৰ্মী গৰাকীয়ে কম কৈ বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।
শিশুখাদ্য বিতৰণৰ খেলিমেলি সম্পৰ্কে জানিব পাৰি আজি স্থানীয় ৰাইজ একগোট হয় আৰু কৰ্মী গৰাকীৰ ঘৰ ঘেৰাও কৰা পৰিলক্ষিত হয়  ।
উল্লেখযোগ্য যে উক্ত কেন্দ্ৰটো অঙ্গনাবাড়ী কৰ্মী গৰাকীয়ে নিজ গৃহৰ পৰাই পৰিচালনা কৰা বুলি জানিব পৰা গৈছে ।
সংবাদ মাধ্যমৰ জড়িয়তে উৰ্ধতম কতৃপক্ষক বিষটো দৃষ্টি গোচৰ কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে।


Post a Comment

Previous Post Next Post